
বৰপেটা, ১০ নৱেম্বৰ (হি.স.): বজালীত যোৱা কালি দেওবাৰে সন্ধিয়া কলিতা জনগোষ্ঠীয় লোক সকলে জোঁৰ সমদল বাহিৰ কৰে।বজালী নিত্যানন্দত কলিতা সকলে হাতে হাতে জোঁৰ লৈ সমদল উলিয়ায়। ইফালে ২৫ নৱেম্বৰত অসম চৰকাৰৰে দাখিল কৰিব লগীয়া প্ৰতিবেদনত ৬ জনগোষ্ঠীৰ লগতে কলিতা সকলৰ নাম উল্লেখ থাকিব লাগিব বুলি সকীয়াই দিয়ে। অন্যথা কলিতা সকলৰ নাম উল্লেখ নাথাকিলে ২৫ নৱেম্বৰৰ পিছতে কলিতা সকলে তীব্ৰ আন্দোলন গঢ়ি তুলিব।
প্ৰতিবাদীসকলে ২০০ বছৰ পূৰ্বে অহা চাহ জনজাতিয়ে জনজাতিকৰণ পাব আৰু ৫ হাজাৰ বছৰ পূৰ্বৰে পৰা অসমত বসবাস কৰা কলিতা সকলে কিয় জনজাতিকৰণ নাপাম বুলি প্ৰশ্ন তোলে । ইফালেকলিতাৰ ১৭ গৰাকী বিধায়ক, কলিতাৰ ৩ গৰাকী মন্ত্ৰী, আৰু কলিতাৰ ৫ গৰাকী সাংসদ থকাৰ পিছতো প্ৰশ্ন কৰে যে আপোনালোকে বিধান সভাত তথা লোকসভাত কলিতা সকলৰ দাবি সমূহ উত্থাপন কৰিব পৰা নাই। আগন্তুক বিধান সভা নিৰ্বাচনত ৭০ লাখ কলিতাই আপোনালোকৰ বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ সাজু হ’ব বুলিও ব্যক্ত কৰে।
বজালীৰ নিত্যানন্দ চকৰ পৰা কলিতা সকলৰ দাবী পূৰণ কৰিবলৈ অসম চৰকাৰলৈ আহ্বান জনাইছে। আগন্তুক শীতকালীন অধিবেশনত কলিতা সকলৰ কথা বিধান সভাত উত্থাপন নকৰিলে বিকল্প ব্যৱস্থাৰে আপোনালোকৰ বিৰোধ কৰিবলৈ কলিতাসকল সাজু হ’ব বুলি হুংকাৰ দিয়ে কলিতা জনগোষ্ঠী সকলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
