প্ৰতি বছৰে দেশজুৰি ১১ নৱেম্বৰত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম জয়ন্তী উপলক্ষে এই দিনটো সমৰ্পিত। স্বাধীনতাৰ পিছত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ভেটি স্থাপনৰ ক্ষেত্ৰত আজাদে কৰা কামে দেশৰ ভৱিষ্যতক এক নতুন দিশ দিলে।
মৌলানা আজাদ আছিল এগৰাকী দূৰদৰ্শী নেতা আৰু পণ্ডিত। তেওঁ বিশ্বাস কৰিছিল যে শিক্ষা প্ৰতিজন ব্যক্তিৰ অধিকাৰ আৰু ই সমাজত সমতা আৰু প্ৰগতিৰ ভেটি হ’ব পাৰে। তেওঁৰ নেতৃত্বত বিশ্ববিদ্যালয় অনুদান আয়োগ, অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন, আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি আদি প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়, যাৰ ফলত ভাৰতক জ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ মঞ্চত প্ৰতিষ্ঠা কৰা হয়।
স্বাধীনতাৰ আগৰ দৰেই আজিও তেওঁৰ দৃষ্টিভংগী প্ৰাসংগিক। মৌলানা আজাদে কৈছিল, শিক্ষা একমাত্ৰ উপায় যিয়ে সমাজলৈ সমতা আৰু প্ৰগতি আনিব পাৰে।
ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ দিনা দেশৰ বিভিন্ন বিদ্যালয়-বিশ্ববিদ্যালয়ত আলোচনা চক্ৰ, ৰচনা, বিতৰ্ক, প্ৰদৰ্শনী আদিৰ জৰিয়তে তেওঁলোকৰ অৱদান স্মৰণ কৰা হয়, যাতে নতুন প্ৰজন্মই শিক্ষাৰ গুৰুত্ব বুজি পায় আৰু তেওঁলোকৰ আদৰ্শৰ পৰা প্ৰেৰণা লাভ কৰে।
গুৰুত্বপূৰ্ণ পৰিঘটনা-
১২০৮ – অট্টো ভন উইটেলছবাক জাৰ্মানীৰ ৰজা নিৰ্বাচিত হয়।
১৬৭৫ – গুৰু গোবিন্দ সিংহক শিখসকলৰ গুৰু হিচাপে নিযুক্তি দিয়া হয়।
১৭৪৫ – চাৰ্লছ এডৱাৰ্ড ষ্টুয়াৰ্ট ওৰফে বনি প্ৰিন্স চাৰ্লিৰ সেনাই ইংলেণ্ডত প্ৰৱেশ কৰে।
১৮০৯ – ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনসাধাৰণক বিদ্ৰোহ কৰিবলৈ আহ্বান জনাই কুণ্ড্ৰা ঘোষণা নামেৰে জনাজাত এখন ঘোষণা জাৰি কৰা হয়।
১৮১১ – কলম্বিয়াৰ কাৰ্টাজেনাই স্পেইনৰ পৰা স্বাধীনতা ঘোষণা কৰে।
১৮৩৬ – চিলিয়ে বলিভিয়া আৰু পেৰুৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৯০৫ – ৱেলছৰ ৰাজকুমাৰে দ্য প্ৰিন্স অৱ ৱেলছ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে।
১৯১৮ – পোলেণ্ডে নিজকে স্বাধীন দেশ বুলি ঘোষণা কৰে।
১৯৩৭ – আমেৰিকাৰ ক্লিণ্টন ডেভিছন আৰু ছাৰ জি.পি. ইংলেণ্ডৰ থমছনক পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।
১৯৬২ – কুৱেইটৰ ৰাষ্ট্ৰীয় বিধানসভাই সংবিধান গৃহীত কৰে।
১৯৬৬ – আমেৰিকাৰ মহাকাশ সংস্থা নাছাই মহাকাশযান জেমিনি-১২ উৎক্ষেপণ কৰে।
১৯৭৩ – নতুন দিল্লীত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ডাক টিকট প্ৰদৰ্শনী আৰম্ভ হয়।
১৯৭৫ – পৰ্তুগালৰ পৰা এংগোলাই স্বাধীনতা লাভ কৰে।
১৯৭৮ চনত মৌমুন আব্দুল গায়ুম মালদ্বীপৰ ৰাষ্ট্ৰপতি হয়।
১৯৮২ – ইজৰাইলৰ সামৰিক মুখ্য কাৰ্যালয়ত গেছ বিস্ফোৰণত ৬০ জন লোকৰ মৃত্যু হয়।
১৯৮৫ – আমেৰিকাত এইডছ বিষয়ক প্ৰথমখন টিভি ছবি এন আৰ্লি ফ্ৰষ্ট মুক্তি পায়।
১৯৮৯ – বাৰ্লিনৰ দেৱাল ধ্বংস কৰিবলৈ আৰম্ভ কৰে।
১৯৯৫ – মানৱ অধিকাৰ কৰ্মী কেন ছাৰো-ৱিৱা আৰু তেওঁৰ আঠজন সহযোগীক মৃত্যুদণ্ড দিয়াৰ বাবে নাইজেৰিয়াক বিশ্বজুৰি গৰিহণা দিয়া হয়।
২০০০ – অষ্ট্ৰিয়াত সুৰংগৰ মাজেৰে পাৰ হৈ যোৱা এখন ৰে’লত অগ্নিকাণ্ড সংঘটিত হয় আৰু ১৮০ জন লোকৰ মৃত্যু হয়।
২০০১ – বিশ্ব ব্যৱসায় সংস্থাই দোহা বৈঠকত ভাৰতক সমৰ্থন কৰে।
২০০২ – ইৰাণৰ সংসদে দেশখনৰ কঠোৰ ন্যায়পালিকাৰ ক্ষমতা হ্ৰাস কৰা বিধেয়কত অনুমোদন জনায়।
২০০৩ – আমেৰিকাৰ কংগ্ৰেছে ছিৰিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। নতুন দিল্লীত মুকলি হ’ল সাৰ্কৰ তথ্য মন্ত্ৰী সন্মিলন। নাহাত উদ্বোধন কৰা হয় গ্ল’বেল ফ’ৰাম।
২০০৪ – ইয়াছিৰ আৰাফাতৰ মৃত্যু হয়। মাহমুদ আব্বাছ পিএলঅ’ৰ নতুন অধ্যক্ষ হয়।
২০০৪ – পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেশ্যনে ইয়াছিৰ আৰাফাতৰ মৃত্যু নিশ্চিত কৰে, তাৰ পিছত মাহমুদ আব্বাছক সংগঠনটোৰ অধ্যক্ষ নিৰ্বাচিত হয়।
২০০৭ – আমেৰিকান লেখক নৰ্মান মেইলাৰৰ মৃত্যু হয়।
২০০৮ – কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মাৰ্গাৰেট আলভাই দলৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰে।
২০১৩ – ছোমালিয়াৰ পুণ্টলেণ্ড অঞ্চলত ভয়াৱহ ঘূৰ্ণীবতাহৰ ফলত ১০০ জন লোকৰ মৃত্যু।
২০১৪ – পাকিস্তানৰ চুক্কুৰ প্ৰদেশত সংঘটিত বাছ দুৰ্ঘটনাত ৫৮ জন লোকৰ মৃত্যু।
জন্ম-
১৮৩৭ – আলতাফ হুছেইন হালি – তেওঁৰ সময়ৰ প্ৰখ্যাত উৰ্দু সাহিত্যিক আৰু কবি।
১৮৮৫ – আজিৰ দিনটোতে অনাসুয়া চাৰাভাই – প্ৰখ্যাত সমাজকৰ্মী আৰু মাজদুৰ মহাজন সংঘৰ প্ৰতিষ্ঠাপক।
১৮৮৮ – আজিৰ দিনটোতে আবুল কালাম আজাদ – ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী।
১৮৮৮ – আজিৰ দিনটোতে জে বি কৃপালানী – প্ৰখ্যাত ভাৰতীয় বিপ্লৱী আৰু ৰাজনীতিবিদ।
১৯২৪ – আই জি পেটেল – ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চতুৰ্দশ গৱৰ্ণৰ।
১৯২৪ – আজিৰ দিনটোতে সুন্দৰ লাল পাটৱা – ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন ১১ নং মুখ্যমন্ত্ৰী।
১৯২৭ – অমিতাভ চৌধুৰী – ভাৰতত নৈতিকতা আৰু সততাৰ মূল্য বুজি পোৱা সাংবাদিক।
১৯৩৬ – কৈলাশ বাজপেয়ী – বিখ্যাত হিন্দী সাহিত্যিক।
১৯৩৬ – মালা সিনহা – বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।
১৯৪৩ – অনিল কাকোডকাৰ – ভাৰতীয় পাৰমাণৱিক বিজ্ঞানী।
১৯৫০ – নেইফিউ ৰিঅ’ – নাগালেণ্ডৰ নৱম মুখ্যমন্ত্ৰী আৰু নেচনেল ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি)ৰ সভাপতি।
১৯৫৫ – জিগমে চিংগে ৱাংচুক – ভূটানৰ প্ৰাক্তন ৰজা।
১৯৫৯ – ডি ৱাই চন্দ্ৰচুড় – ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ।
মৃত্যু –
১৮৪৯ – আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত অন্যতম ৰাম সিং পাথানিয়া।
১৯৭১ – দেবাকি বসু – বিখ্যাত চলচ্চিত্ৰ পৰিচালক আৰু সংগীত ধ্বনিৰ বিশেষজ্ঞ।
১৯৮২ – আজিৰ দিনটোতে প্ৰখ্যাত কবি আৰু গীতিকাৰ উমাকান্ত মালৱীয়া।
১৯৯৪ – কুপ্পলী ভেংকটপ্পা পুত্ত্পা – কানাড়া কবি আৰু সাহিত্যিক।
২০০৮ – কানহাইয়ালাল ছেঠিয়া – আধুনিক যুগৰ বিখ্যাত হিন্দী আৰু ৰাজস্থানী সাহিত্যিক।
গুৰুত্বপূৰ্ণ দিন-
-ৰাষ্ট্ৰীয় শিক্ষা দিৱস (মৌলানা আবুল কালাম আজাদৰ জন্ম বাৰ্ষিকী)।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
