
ধুবুৰী, ০৯ নৱেম্বৰ (হি.স.): ধুবুৰী আৰক্ষীৰ অভিযানত আটক হৈছে চাইবাৰ ক্ৰাইমৰ সৈতে জড়িত তিনি যুৱক। ধুবুৰীৰ ৪ নং ৱাৰ্ডৰ বৰো মছজিদৰ সন্মুখত অৰিফুল্লা ৰোডত অৱস্থিত আফ্ৰিন হোটেলত যোৱা কালি শনিবাৰে সন্ধিয়া ধুবুৰী আৰক্ষীৰ অভিযানত আটক কৰা হয় এই তিনি যুৱকক।
জানিব পৰা মতে অভিযানত বহু কেইখন এটিএম কাৰ্ড, বেংক পাছবুক, মোবাইল ফোন, চেক বুক, নগদ ধন জব্দ কৰা হয়। আটক হোৱা যুৱক তিনিজন ক্ৰমে আহিনুৰ ৰহমান, সাহিনুৰ আলী আৰু জব্বাৰ আলী বুলি পৰিচয় পোৱা গৈছে। তিনিওৰে ঘৰ দক্ষিণ শালমাৰাৰ মনিচৰত বুলি কোৱা হৈছে । ধৃত তিনিও জন চাইবাৰ ক্ৰাইমৰ সৈতে জঢ়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল । অনলাইন গেম খেলি লুটিলে বহু কেইজনক। ইফালে হোটেলত প্ৰৱেশ কৰি যুৱক তিনিজনে আৰক্ষীৰ ভয় দেখুৱাই ৬ লক্ষ টকা দাবী কৰাৰো অভিযোগ উঠিছে। লগতে এই ঘটনাত এজন তথাকথিত পৰ্টেল সাংবাদিক জঢ়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।ইতিমধ্যে আটক কৰিছে তিনিজন কৈ যুৱকক। লগতে যুৱক তিনিজনৰ পৰা কেৰেলাত পঞ্জীয়ন কৰা কেএ ৫৩ এইচজেড ৫২৫০ নম্বৰৰ এখন হিৰো এক্সট্ৰিম বাইক জব্দ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
