বলীউডৰ গ্লেমাৰাছ দম্পতী কেটৰিনা কাইফ আৰু বিকি কৌশল পিতৃ-মাতৃ হৈ পৰিছে। এটি পুত্ৰ সন্তান জন্ম দিছে অভিনেত্ৰীগৰাকীয়ে। এই আনন্দৰ খবৰটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি নিজৰ জীৱনৰ এই নতুন অধ্যায়ৰ আৰম্ভণিৰ কথা ঘোষণা কৰে দম্পতীহালে।
ইনষ্টাগ্ৰামত এটা আৱেগিক পোষ্টত কেটৰিনা আৰু ভিকিয়ে লিখিছে, আমাৰ আনন্দৰ টোপোলাটো আহি পাইছে। আমাৰ পুত্ৰৰ আগমনে আমাৰ জীৱনটো আৰু অধিক সুন্দৰ কৰি তুলিছে। এই ঘোষণাৰ পিছৰে পৰা চচিয়েল মিডিয়াত অভিনন্দন জ্ঞাপনেৰে প্লাৱিত হৈছে। অনুৰাগী, সহযোগী উদ্যোগৰ অভিনেতা, শুভাকাংক্ষীয়ে দম্পতীহালক মৰম আৰু শুভেচ্ছাৰ বৰষা কৰিছে।
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত কেটৰিনা কাইফে গৰ্ভধাৰণৰ খবৰ শ্বেয়াৰ কৰিছিল। তেতিয়াৰ পৰাই ভিকি কৌশলে কেইবাবাৰো পিতৃ হোৱাৰ বাবে নিজৰ উচ্ছ্বনি প্ৰকাশ কৰিছে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা এক অনুষ্ঠানত তেওঁ কয়, সময় ওচৰ চাপি আহিছে… আৰু মই অত্যন্ত সুখী আৰু নাৰ্ভাছ দুয়োটা।
চাৰি বছৰৰ পাছত ২০২১ চনৰ ডিচেম্বৰ মাহত ৰাজস্থানৰ ছাৱাই মাধোপুৰৰ ফ’ৰ্ট বৰৱাদাত বিবাহপাশত আবদ্ধ হয় কেটৰিনা আৰু ভিকি। এতিয়া প্ৰায় চাৰি বছৰৰ পাছত এই দম্পতী পিতৃ-মাতৃ হৈ পৰিছে, যিয়ে তেওঁলোকৰ বাবে এক আৱেগিক আৰু স্মৰণীয় মুহূৰ্ত চিহ্নিত কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
