মৰিগাঁও, ০৭ নৱেম্বৰ (হি.স.)। মৰিগাঁৱৰ জাগীৰোডৰ গণেশ টকীজত আজি শুকুৰবাৰৰ পৰা প্ৰদৰ্শিত হ’ব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে। ২০১৯ চনৰ পৰা বন্ধ হৈ আছিল এই গণেশ টকীজ হলটো।
উল্লেখ্য যে ২০২২ চনত মৰিগাঁও জিলা দিৱসত জুবিন গাৰ্গে এই হলটো পুনৰ খোলাৰ সপোন দেখিছিল। জুবিন গাৰ্গৰ প্রতি শ্ৰদ্ধা জনায় জুবিন ফেন ক্লাব আৰু জাগীৰোডৰ ৰাইজৰ অনুৰোধত হলটো আজিৰ পৰা মুকলি কৰিব মালিকপক্ষই।
দিনৰ ১১ বজাৰ পৰা চাৰিটা দৰ্শনীৰ ব্যৱস্থাৰে প্ৰদৰ্শীত হ’ব ৰৈ ৰৈ বিনালে।
উল্লেখ্য যে ৮২খন আসনৰ ব্যৱস্থা আছে এই গণেশ টকীজত। টিকট অফলাইন ব্যৱস্থাৰ লগতে নগদ লেনদেন হ’ব। কাৰিকৰী অসুবিধাৰ বাবে পূৰ্বে নিৰ্ধাৰিত তাৰিখত মুকলি কৰিব পৰা নাছিল হলটো। নিশা সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰি আজি মুকলি কৰিব ৰাইজৰ বাবে। এই কথা জানিবলৈ দিয়ে গণেশ টকীজ কতৃপক্ষৰ লগতে জুবিন ফেন ক্লাব জাগীৰোডে।
উল্লেখ্য যে ১৯৮৫ চনতে জাগীৰোডত স্থাপন হৈছিল গণেশ টকীজ চিনেমা হলটো।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
