নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। বিগ বেছ লীগৰ নতুন ছিজন অহা ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব । ভাৰতীয় অফ স্পিনাৰ আৰ অশ্বিনক আগন্তুক বিগ বেছ লীগ (বিবিএল) ছিজনৰ পৰা বাদ দিয়া হৈছে। চেন্নাইত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি চলাওঁতে তেওঁৰ আঁঠুৰ আঘাতত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়।
মঙলবাৰে অশ্বিনে এই তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। অষ্ট্ৰেলিয়াৰ অনুৰাগীসকললৈ প্ৰেৰণ কৰা বাৰ্তাত অশ্বিনে কয় যে, মই এই দলৰ অংশ হ’বলৈ আৰু আপোনালোকৰ সন্মুখত খেলিবলৈ পাই অতিশয় উৎসাহিত হৈছিলো। বৰ্তমান মোৰ মনোযোগ পুনৰ্বাসন, আৰোগ্য, আৰু শক্তিশালী কামবেকৰ ওপৰত। ক্লাবৰ সৈতে মোৰ প্ৰথম যোগাযোগৰ পৰাই মই কৰ্মচাৰী, খেলুৱৈ আৰু অনুৰাগীৰ পৰা বহুত মৰম পাইছিলো। মোক ঘৰত থকাৰ দৰে অনুভৱ কৰাবলৈ ধন্যবাদ।
তেওঁ লগতে কয়, মই সকলো মেচ চাই থাকিম আৰু আমাৰ পুৰুষ আৰু মহিলা দুয়োটা দলকে সমৰ্থন কৰিম। যদি ৰিহাব আৰু ভ্ৰমণৰ অৱস্থা ঠিকেই থাকে, আৰু চিকিৎসকে অনুমোদন দিয়ে, তেন্তে মই ছিজনৰ শেষত দলটোক লগ কৰিবলৈ চেষ্টা কৰিম—কোনো প্ৰতিশ্ৰুতি নাই, কিন্তু সেইটোৱেই উদ্দেশ্য।
৩৯ বছৰীয়া অশ্বিনে যোৱা ডিচেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আৰু চলিত বৰ্ষৰ আগষ্ট মাহত আই পি এলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। এই ছিজনত ছিডনী থাণ্ডাৰৰ হৈ খেলাৰ কথা আছিল, যিটো তেওঁৰ প্ৰথম বিবিএল ছিজন হোৱাৰ কথা আছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
