• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ভাৰতে সৃষ্টি কৰিলে ইতিহাসঃ ৫২ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া বিশ্বকাপ জয়ী টিম ইণ্ডিয়া
Sports

ভাৰতে সৃষ্টি কৰিলে ইতিহাসঃ ৫২ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া বিশ্বকাপ জয়ী টিম ইণ্ডিয়া

CliQ INDIA
Last updated: November 3, 2025 10:26 am
CliQ INDIA
Share
2 Min Read
SHARE
भारतीय महिला टीम बनी वनडे विश्व चैंपियन

নৱী মুম্বাই, ০৩ নৱেম্বৰ (হি.স.)। অৱশেষত ৫২ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে। হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতে ২০২৫ চনৰ মহিলা বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ৫২ ৰাণত পৰাস্ত কৰি সোণালী আখৰেৰে নিজৰ নাম খোদিত কৰে।

শ্বেফালী আৰু দীপ্তিৰ চমকেৰে ভাৰতৰ সুদৃঢ় স্ক’ৰ

ডি ৱাই পাটিল ষ্টেডিয়ামত খেলা ফাইনেলত টছ হেৰুৱাই প্ৰথমে বেটিং কৰি ৭ উইকেটত ২৯৮ ৰান সংগ্ৰহ কৰে। আঘাতপ্ৰাপ্ত প্ৰতিকা ৰাৱালৰ ঠাইত অন্তৰ্ভূক্ত হোৱা শ্বেফালী ভাৰ্মাই ৭৮ বলত ৭টা চাৰি আৰু দুটা ছয়কে ধৰি ৮৭ ৰানৰ শক্তিশালী ইনিংছ খেলে। ৫৮টা বলত ৫৮ ৰান সংগ্ৰহ কৰি উৎকৃষ্ট সহায় আগবঢ়ায় দীপ্তী শৰ্মাই।

শ্বেফালীয়ে স্মৃতি মান্ধনা (৪৫)ৰ সৈতে ১০৪ বলত ১০৬ ৰানৰ অ’পেনিং পাৰ্টনাৰশ্বিপ আৰু জেমিমাহ ৰড্ৰিগেছ (২৪)ৰ সৈতে ৬২ ৰানৰ অংশীদাৰিত্বৰে ভাৰতক শক্তিশালী আৰম্ভণি কৰে। ইয়াৰ পাছতে ৰিচা ঘোষে ২৪টা বলত ত্বৰিত ৩৪ ৰান কৰি ৰান ৰেট বজাই ৰাখে।

দক্ষিণ আফ্ৰিকাৰ হৈ সৰ্বাধিক সফল বলাৰ আয়াবংগা খাকাই ৫৮ ৰানত তিনিটা উইকেট দখল কৰে।

দীপ্তি আৰু শ্বেফালিৰ মাৰাত্মক বলিঙে ভংগ কৰে দক্ষিণ আফ্ৰিকাৰ আশা

ইফালে ২৯৯ ৰানৰ লক্ষ্য খেদি দক্ষিণ আফ্ৰিকাই দুৰ্বল আৰম্ভণি কৰিছিল যদিও অধিনায়ক ল’ৰা উলভাৰ্ডে ৯৮ বলত ১০১ ৰানৰ সুন্দৰ শতকৰে দলটোক প্ৰতিদ্বন্দ্বিতাত ৰাখিছিল। অৱশ্যে ভাৰতীয় বলাৰসকলে অতি সোনকালেই মেচখন ঘূৰাই আনে।

দীপ্তি শৰ্মাই ৫টা উইকেট দখল কৰি চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায়, আনহাতে শ্বেফালী বৰ্মাই দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। আফ্ৰিকান দলটোৱে ৪৫.৩ অভাৰত ২৪৬ ৰানত অল আউট হোৱাৰ পাছত ভাৰতে ৫২ ৰানত জয়লাভ কৰে।

হৰমনপ্ৰীতৰ অধিনায়কত্বৰ অধীনত এক নতুন যুগ

মহিলা ক্ৰিকেট বিশ্বকাপত প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে ভাৰতে। ইয়াৰ পূৰ্বে ২০০৫ আৰু ২০১৭ চনত টিম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰিছিল যদিও তাৰ পৰা আঁতৰি গৈছিল। এইবাৰ দলৰ ইতিহাসত অধিনায়ক হৰমনপ্ৰীত কৌৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

দীপ্তি শৰ্মাই কেৱল ৫৮ ৰান সংগ্ৰহ কৰাই নহয়, ১৫টা উইকেট দখল কৰি ২০০ ৰান সংগ্ৰহ কৰি এদিনীয়া বিশ্বকাপত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

এই বিজয়ে কেৱল এটা খিতাপ নহয়, ভাৰতীয় মহিলা ক্ৰিকেটৰ বাবে এক নতুন যুগৰ আৰম্ভণি—এটা মুহূৰ্ত যেতিয়া ব্লু ব্ৰিগেডে বিশ্ববাসীক প্ৰদৰ্শন কৰিলে যে মহিলা ক্ৰিকেটত ভাৰতৰ আধিপত্য অক্ষত আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

নেপালৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ টি-২০ দলত পাঁচখন নতুন মুখ, অধিনায়ক হ’ব আকিয়াল হোছেইন
এ এফ চি এছিয়ান কাপঃ গ্ৰুপ বিত শীৰ্ষত অষ্ট্ৰেলিয়া, ছিৰিয়াৰ হাতত পৰাজিত ভাৰত
ভাৰতীয় খেলুৱৈ কাৰ্তিক কুমাৰক ড’পিঙৰ বাবে তিনি বছৰৰ বাবে নিষেধাজ্ঞা
পাকিস্তান ক্ৰিকেট দলৰ নেদাৰলেণ্ড ভ্ৰমণ অনিৰ্দিষ্টকাললৈ স্থগিত
দ্য হাণ্ড্ৰেড ড্ৰাফ্ট: নূৰ আহমেদ আৰু মাইকেল ব্ৰেচৱেলে পালে বৃহৎ চুক্তি | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ভিৰৰ সুযোগ লৈ জুবিন ক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ
Next Article শিৱসাগৰ জিলাৰ আমগুৰিত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?