নতুন দিল্লী, ০২ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ‘এমাজিং চাইন্স এণ্ড টেকনোলজি ইনোভেচন কনক্লেভ ২০২৫’ (উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ২০২৫) উদ্বোধন কৰিব । এই উপলক্ষে তেওঁ দেশত ব্যক্তিগত খণ্ডৰ গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰাৰ উদ্দেশ্যে ১ লাখ কোটি টকাৰ ‘গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন আঁচনি’ মুকলি কৰিব।
প্ৰধানমন্ত্ৰী কাৰ্যালয় (পিএমঅ’)ৰ তথ্য অনুসৰি অহা ৩ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব ‘ইমাৰ্জিং ছায়েন্স এণ্ড টেকন’লজি ইনোভেচন কনক্লেভ ২০২৫’। এই অনুষ্ঠানত ভাৰত আৰু বিদেশৰ ৩ হাজাৰৰো অধিক বিজ্ঞানী, শিক্ষাবিদ, গৱেষক, উদ্যোগ প্ৰতিনিধি, আৰু নীতি নিৰ্ধাৰকে অংশগ্ৰহণ কৰিব।
এই কনক্লেভত কৃত্ৰিম বুদ্ধিমত্তা (এ আই), জৈৱ উৎপাদন, ইলেক্ট্ৰনিকছ আৰু অৰ্ধপৰিবাহী উৎপাদন, কোৱাণ্টাম প্ৰযুক্তি, কৃষি, শক্তি, পৰিৱেশ, জলবায়ু, স্বাস্থ্য প্ৰযুক্তি, মহাকাশ বিজ্ঞান আদিৰ দৰে ক্ষেত্ৰকে ধৰি ১১টা মূল বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব।
এই কাৰ্যসূচীত আগশাৰীৰ বিজ্ঞানীসকলৰ বক্তৃতা, পেনেল আলোচনা আৰু কাৰিকৰী প্ৰদৰ্শনী আদি অনুষ্ঠিত হ’ব। ইয়াৰ উদ্দেশ্য হৈছে গৱেষণা, উদ্ভাৱন, আৰু উদ্যোগৰ মাজত সহযোগিতা শক্তিশালী কৰা আৰু দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰা।
উল্লেখযোগ্য যে এই আঁচনিখনে উদ্যোগক গৱেষণা আৰু প্ৰযুক্তি বিকাশত অধিক বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিব। ইয়াৰ দ্বাৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ভাৰতৰ বিশ্বব্যাপী স্থিতি শক্তিশালী হ’ব আৰু ব্যক্তিগত খণ্ড ভিত্তিক গৱেষণাৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰা হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
