• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > আদিবাসীৰ ৪২ জাতি অনুসূচীকৰণৰ দাবী আদিবাসী চাহ জনগোষ্ঠী অনুসূচীত জাতি দাবী পৰিষদৰ
Regional

আদিবাসীৰ ৪২ জাতি অনুসূচীকৰণৰ দাবী আদিবাসী চাহ জনগোষ্ঠী অনুসূচীত জাতি দাবী পৰিষদৰ

CliQ INDIA
Last updated: November 1, 2025 6:50 pm
CliQ INDIA
Share
5 Min Read
SHARE

ওদালগুৰি, ০১ নৱেম্বৰ (হি.স.): অসমৰ আদিবাসীৰ নৃগোষ্ঠীয় অধ্যয়নৰ বাবে গঠিত তিনিজনীয়া বিশেষজ্ঞ সমিতিৰ প্ৰথম প্ৰতিবেদনত উল্লেখ কৰা ৩৬ জাতিৰ লগতে দ্বিতীয় প্ৰতিবেদনত উল্লেখ কৰা ৪২ জাতিকো একেলগে অনুসূচীকৰণৰ বাবে পদক্ষেপ আগবঢ়াবলৈ অসম চৰকাৰক দাবী জনাইছে আদিবাসী চাহ জনগোষ্ঠী অনুসূচীত জাতি দাবী পৰিষদ, অসমে। যোৱা কালি শুকুৰবাৰে বিয়লি ঢেকীয়াজুলি প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি এই দাবী উত্থাপন কৰে আদিবাসী চাহ জনগোষ্ঠী অনুসূচীত জাতি দাবী পৰিষদৰ মুখ্য উপদেষ্টা,অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় কুমাৰ তাঁতী, সভাপতি তথা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য দ্বিপেন নায়ক আৰু সাধাৰণ সম্পাদক দৌলত ৰাজোৱাৰে।

সংবাদমেলত সংগঠনটোৰ সভাপতি দ্বিপেন নায়কে কয় যে, যদি অসম চৰকাৰে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ প্ৰথম সংস্কৰণত পৰামৰ্শ দিয়া ৩৬ জাতিকহে জনজাতিকৰণৰ বাবে বিধান সভাত বিধেয়ক অনুমোদনেৰে ভাৰতৰ মহাপঞ্জীয়কলৈ প্ৰেৰণ কৰি দ্বিতীয় সংস্কৰণত উল্লেখিত অসমৰ আদিবাসী সমাজৰ ৪২টা জাতিক বঞ্চিত কৰে, তেনেহ’লে অসম অশান্ত হ’ব । আদিবাসী সমাজৰ এই বৃহৎ অংশৰ ৰাইজ চৰকাৰৰ বিৰুদ্ধে যাব আৰু প্ৰাপ্য অধিকাৰ বিচাৰি আন্দোলনত নামিবলৈ বাধ্য হ’ব। প্ৰসংগক্ৰমে তেওঁ কয় – অসমত বসবাস কৰা ৩৬ আদিবাসী জাতি যিদৰে কেইখনমান ৰাজ্যত ১৯৫০ চনৰে পৰা অনুসূচীত জনজাতিৰূপে স্বীকৃত হৈ আহিছে, একেদৰে একে সময়ৰে পৰা আন ৪২ জাতিও বিভিন্ন ৰাজ্যত অনুসূচীত জাতিৰ তালিকাভুক্ত হৈয়ে আছে। গতিকে সেই অনুসৰিয়েই সংবিধান প্ৰদত্ত অধিকাৰ স্বৰূপে অসমৰ আদিবাসীৰ অন্তৰ্ভুক্ত আটাইবোৰ জাতিৰে একেলগে একে সময়তে অনুসূচীকৰণ হ’ব‌ই লাগিব। প্ৰসংগক্ৰমে তেওঁ,২০২২ চনত স্বাক্ষৰিত আদিবাসী শান্তি চুক্তিত উল্লেখ থকা অনুসৰি আদিবাসী সকলৰ ৪২টা জাতিক অনুসূচীত জাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।

শেহতীয়াকৈ বিভিন্ন ঠাইত অসমৰ আদিবাসী চাহ জনগোষ্ঠীক জনজাতিকৰণ,ভূমি পট্টা প্ৰদান আৰু মজুৰি বৃদ্ধিৰ দাবীত অনুষ্ঠিত হোৱা গণ সমাৱেশত অনুসূচীকৰণৰ অধিকাৰৰ পৰা বঞ্চিত হ’বলৈ যোৱা আদিবাসীৰ ৪২ জাতিৰ হকে উদ্যোক্তা সংগঠন সমূহে এষাৰ মাত নমতাটো অতি দুৰ্ভাগ্যজনক কথা বুলি মন্তব্য কৰি সভাপতি দ্বিপেন নায়কে এই বঞ্চিত জাতি সমূহৰ ৰাইজক এইদৰে আহ্বান জনায় – এই সংগঠন সমূহে ৪২ জাতিৰ অনুসূচীকৰণৰ হকে মাত নামাতিলে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী তথা গণ সমাৱেশ সকলোৱে বৰ্জন কৰক। তদুপৰি, ৪২ জাতিৰ অনুসূচীকৰণৰ হকে মাত নমতা তথা বিৰোধিতা কৰা সংগঠন সমূহত থকা এই জাতি সমূহৰ যুৱক-যুৱতী সমন্বিতে ব্যক্তি সকলক সংগঠন সমূহ ত্যাগ কৰিবলৈও আহ্বান জনায় তেওঁ। আনহাতে, অলপতে ৰেজান হৰ’ নেতৃত্বাধীন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উপ-সভাপতি ডেভিদ তিৰ্কীয়ে অসমৰ ৩৬টা জাতিহে আদিবাসী, বাকী সকল আদিবাসী নহয় বুলি সামাজিক মাধ্যমযোগে কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আদিবাসী চাহ জনগোষ্ঠী অনুসূচীত জাতি পৰিষদৰ সভাপতি দ্বিপেন নায়কে তিৰ্কীক প্ৰশ্ন কৰে – তেনে মন্তব্য কৰিবলৈ আপুনি কোন হয়? কিহৰ ভিত্তিত তেনে মন্তব্য কৰিছে সেয়া স্পষ্ট কৰিবলৈ তেওঁ ডেভিদ তিৰ্কীক প্ৰত্যাহ্বান জনায় । অসমৰ সকলো আদিবাসী জাতিয়ে সুদীৰ্ঘ কাল প্ৰাপ্য অধিকাৰ বিচাৰি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি অহাৰ প্ৰসংগ উল্লেখ কৰি দ্বিপেন নায়কে কয় – বহি:ৰাজ্যত অনুসূচীত জাতিৰ তালিকাভুক্ত অসমৰ ৪২টা আদিবাসী জাতিয়ে এই সংগ্ৰামত চৰম ত্যাগ কৰিছে, বহুজন ছহিদ হৈছে। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে, সংগ্ৰামত অংশ ল’বলৈ দিয়া এই ৪২ জাতিক এতিয়া অধিকাৰ লাভৰ সময়ত বৈষম্যৰে বঞ্চিত কৰিবলৈ সক্ৰিয় হৈ পৰিছে আছাৰ দৰে সংগঠন।

সংবাদমেলৰ আৰম্ভণিতে আদিবাসী চাহ জনগোষ্ঠী অনুসূচীত জাতি পৰিষদৰ মুখ্য উপদেষ্টা,সাহিত্যিক সঞ্জয় কুমাৰ তাঁতীয়ে অসমৰ আদিবাসী সকলৰ ইতিহাস তথ্য সহকাৰে দাঙি ধৰি কয় যে, ১৯৫০ চনত ভাৰতীয় সংবিধানৰ ৩৪১ আৰু ৩৪২ নং অনুচ্ছেদ অনুসৰি বিভিন্ন ৰাজ্যত ক্ৰমে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰূপে স্বীকৃত আদিবাসী সকলৰ সৈতে একেই নৃগোষ্ঠীয় পৰিচয় থকা অসমৰ আদিবাসী সকল অনুসূচীকৰণৰ পৰা বঞ্চিত হৈ আছে। ১৯৭৭ চনত অসম চৰকাৰে অ’ বি চি ৰূপে স্বীকৃতি দিয়া আদিবাসী সকলৰ অনুসূচীকৰণৰ দাবীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে গঠন কৰা বিশেষজ্ঞ সমিতিৰ প্ৰথম প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি ৩৬ টা জাতিক অনুসূচীত জনজাতিৰ মৰ্যদা দিবলৈ চৰকাৰে পদক্ষেপ আগবঢ়ালে। কিন্তু ৪২ টা অনুসূচীত জাতিৰ কথা উল্লেখ থকা বিশেষজ্ঞ সমিতিৰ দ্বিতীয়খন প্ৰতিবেদন গাপ দি থ’লে।

সংবাদমেলত আদিবাসী চাহ জনগোষ্ঠী অনুসূচীত জাতি পৰিষদ,অসমৰ সম্পাদক দৌলত ৰাজোৱাৰেও বক্তব্য প্ৰদান কৰে। সংবাদমেলত আটছাৰ প্ৰাক্তন উপদেষ্টা, ৰৌতিয়া সমাজৰ সভাপতি ভোলাৰাম ৰাউতীয়া, ৰাজৱাৰ সমাজৰ উপ-সভাপতি দয়াল ৰাজৱাৰ, ভূঞা সমাজৰ সভাপতি কৰণ ভূঞা, কুমাৰ সমাজৰ উপ-সভাপতি ৰঞ্জন কুমাৰ,ঘাঁচি সমাজৰ প্ৰাক্তন সম্পাদক টংকেশ্বৰ নায়ক,উড়িয়া মহাসভাৰ উপ-সভাপতি ভৰত তাঁতী,মুদি সমাজৰ সহকাৰী সম্পাদক নিৰ্মল মুদি,বাঢ়ৈ সমাজ কল্যাণ পৰিষদৰ উপ-সভাপতি ৰাজেন বাঢ়ৈ , সন্দিপন ঘাটোৱাৰ আদি আদিবাসী চাহ জনগোষ্ঠীৰ বিভিন্ন জাতিৰ নেতৃস্থানীয় লোক সকলো উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

সৰুপথাৰৰ পি এম শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত অঘটন | BulletsIn
বাক্সাৰ বৰমাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
দীৰ্ঘ দিনীয়া দাবী পূৰণ নহ’লে আন্দোলনৰ হুংকাৰ তেজপুৰত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ
তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰ ধনু ধৰে
ওদালগুৰিত সংঘটিত পথ দুৰ্ঘটনাত নিহত পুত্ৰ,আহত পিতৃক চিকিতসালয়ত ভৰ্তি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিজেপি সাংসদ অনিল বালুনীৰ বাসগৃহত অনুষ্ঠিত লোক উৎসৱ ইগাছত অমিত শ্বাহৰ অংশগ্ৰহণ
Next Article চিকিৎসালয়ৰ পৰা মুক্ত শ্ৰেয়াছ আয়াৰ, আৰোগ্যৰ বাবে ছিডনীতে থাকিব
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?