
যোৰহাট, ০১ নৱেম্বৰ (হি.স.): যোৰহাটৰ ড্ৰাগছ সৰবৰাহত জড়িত দুই যুৱতীক আটক কৰা হৈছে। হাবিচুক কমলাবৰীয়াত যোৱা কালি শুকুৰবাৰে সন্ধিয়া নিষিদ্ধ ড্ৰাগছসহ আটক কৰা হয় দুই যুৱতীক । ইফালে যুৱতী দুগৰাকীয়ে চলাই অহা এখন এনট্ৰক স্কুটিৰ পৰা উদ্ধাৰ কৰা হয় নিষিদ্ধ ড্ৰাগছখিনি।
জব্দ কৰা স্কুটিখনৰ নম্বৰ এএছ ০৩ এজি ৬০৫১ বুলি জনা গৈছে। ধৃত য়ুৱতীদ্বয়ৰ নাম পদ্মাৱতী হাজৰিকা আৰু মুণ বেগম বুলি জানিব পৰা গৈছে। দুগৰাকী যুৱতীৰ পৰা উদ্ধাৰ কৰা হয় ড্ৰাগছখিনি । দুয়োগৰাকী যুৱতী গড়মূৰ সেউজনগৰৰ বুলি জানিব পৰা গৈছে । নিষিদ্ধ ড্ৰাগছখিনিৰ পৰিমাণ ১৪.৮৩ গ্ৰাম বুলি কোৱা হৈছে। যোৰহাট আৰক্ষীয়ে অভিযান চলাই দুয়োগৰাকী ড্ৰাগছ সৰবৰাহকাৰী যুৱতীক আটক কৰে। এই সন্দৰ্ভত দুয়োগৰাকী যুৱতীক সোধা পোছা চলাই থকা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
