গুৱাহাটী, ৩১ অক্টোবৰ (হি.স.)। বাহৰেইনত অনুষ্ঠিত এছিয়ান ইউথ গেমছ (যুৱ ক্ৰীড়া)ত ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ গৌৰৱ তীৰ্থাংক পেগুৱে। ৩০ অক্টোবৰ বৃহস্পতিবাৰে অনুষ্ঠিত এই খেলত ইৰাণৰ মহম্মদ মাহদি ঘোলামীয়ে ২:০১:৭৫ ছেকেণ্ডত সোণৰ পদক লাভ কৰে, ভাৰতৰ তীৰ্থাংক পেগুৱে ২:০২:৫৬ ছেকেণ্ডত দ্বিতীয় স্থান দখল কৰে আৰু হংকঙৰ ৱাং য়ি শ্বুনে ২:০৩:৪৫ ছেকেণ্ডত ব্ৰঞ্জৰ পদক দখল কৰে।
অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাস আৰু প্ৰচাৰ সম্পাদক মুকুতেশ্বৰ গোস্বামীয়ে তীৰ্থাংক পেগুক অভিনন্দন জনাই সংবাদ মাধ্যমৰ আগত আশা ব্যক্ত কৰি কয় যে এই প্ৰতিভাৱান যুৱ সাঁতোৰবিদগৰাকীয়ে আগন্তুক এছিয়ান গেমছ আৰু অলিম্পিকত ভাৰতলৈ আৰু অধিক গৌৰৱ কঢ়িয়াই আনিব।
তীৰ্থাংকৰ এই উল্লেখযোগ্য কৃতিত্ব অসম আৰু ভাৰতৰ সকলো যুৱ সাঁতোৰবিদৰ বাবে এক প্ৰেৰণা হিচাপে পৰিগণিত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
