লছ এঞ্জেলছ, ৩০ অক্টোবৰ (হি.স.)। ইণ্টাৰ মিয়ামিৰ আঠবাৰৰ বেলন ডি অৰ বিজয়ী লিয়নেল মেছি মেজৰ লীগ ছকাৰৰ (এম এল এছ) সৰ্বাধিক বেতন পোৱা ফুটবলাৰ হৈয়ে আছে। দ্বিতীয় স্থানত আছে লছ এঞ্জেলছ এফ চিৰ (এল এ এফ চি) নতুন তাৰকা ছন হেউং-মিন। এই তথ্য বুধবাৰে প্ৰকাশ পোৱা শেহতীয়া দৰমহাৰ তালিকাত প্ৰকাশ পাইছে।
মেছিয়ে ইণ্টাৰ মিয়ামিৰ পৰা বছৰি ২০.৪ মিলিয়ন ডলাৰ (প্ৰায় ১৭০ কোটি টকা) নিশ্চিত দৰমহা লাভ কৰে, যিটো আন খেলুৱৈতকৈ যথেষ্ট বেছি। এই ধনৰাশিত পৃষ্ঠপোষকতা আৰু অন্যান্য চুক্তিৰ পৰা তেওঁৰ আয় অন্তৰ্ভুক্ত কৰা হোৱা নাই।
২০২৩ চনৰ মাজভাগত মিয়ামীত যোগদান কৰা আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে অহা বছৰৰ পৰা তিনি বছৰৰ বাবে নতুন চুক্তিত স্বাক্ষৰ কৰিব। এই বৃদ্ধিৰ বিত্তীয় সবিশেষ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
শেহতীয়াকৈ নিয়মীয়া ছিজনৰ সৰ্বোচ্চ স্ক’ৰাৰ হিচাপে নিৰ্বাচিত হৈছে ৩৮ বছৰীয়া মেছিয়ে ২৮খন মেচত ২৯টা গ’ল দি। এইবাৰো তেওঁক মষ্ট ভেলুৱেবল প্লেয়াৰ বঁটাৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হয়।
দ্বিতীয় স্থানৰ দক্ষিণ কোৰিয়াৰ ছন হেউং-মিনে এল এ এফ চিৰ পৰা বাৰ্ষিক দৰমহা ১১.১ মিলিয়ন ডলাৰ লাভ কৰে। টটেনহাম হটছপাৰৰ প্ৰাক্তন অধিনায়ক ছনে চলিত বৰ্ষৰ আগষ্ট মাহত এম এল এছৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল ট্ৰেন্সফাৰ (২৬ মিলিয়ন ডলাৰ)ত আমেৰিকাত উপস্থিত হৈছিল। তেওঁ এতিয়ালৈকে ১০খন মেচত ৯টা গ’ল দি নিজৰ দলৰ প্লে অফ বাৰ্থত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
তৃতীয় স্থানত আছে ইণ্টাৰ মিয়ামিৰ স্পেনিছ মিডফিল্ডাৰ চাৰ্জিঅ’ বুস্কেটছ (৮৭ লাখ ডলাৰ) আৰু এই ছিজনৰ শেষত তেওঁ অৱসৰ ল’ব।
চতুৰ্থ স্থানত আছে পেৰাগুয়াৰ মিগেল আলমিৰন (৭৮ লাখ ডলাৰ), আৰু পঞ্চম স্থানত আছে মেক্সিকোৰ হিৰভিং চাকি লোজানো (৭৬ লাখ ডলাৰ)। এই ছিজনত দুয়োজনে ক্ৰমে আটলান্টা ইউনাইটেড আৰু ছান ডিয়েগো এফ চিৰ সৈতে চুক্তিবদ্ধ হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
