ইছলামাবাদ, ৩০ অক্টোবৰ (হি..)। পাকিস্তানৰ বেলুচিস্তানত বিদ্ৰোহীৰ বিৰুদ্ধে সামৰিক অভিযানত ২৫ জন উগ্ৰপন্থী নিহত হোৱাৰ বিপৰীতে খাইবাৰ পখতুনখোৱাত এজন কেপ্তেইনসহ ৬ জন জোৱান নিহত হয়। পাকিস্তান সেনাৰ জনসংযোগ শাখা আন্তঃসেৱা জনসংযোগ (আইএছপিআৰ)য়ে এই কথা নিশ্চিত কৰিছে।
বৃহস্পতিবাৰে আই এছ পি আৰৰ বাতৰি অনুসৰি বেলুচিস্তানত দুটা সামৰিক অভিযানত ফিটনা আল হিন্দুস্তান গোটৰ অন্তৰ্গত ১৮ জন উগ্ৰপন্থী নিহত হৈছে। তদুপৰি খাইবাৰ পখতুনখোৱাৰ কুৰৰাম জিলাৰ ডোগাৰত চোৰাংচোৱা ভিত্তিক অভিযানৰ সময়ত এক এনকাউণ্টাৰত এজন কেপ্তেইনকে ধৰি কমেও ছয়জন জোৱানৰ প্ৰাণহানি হয়। ডনে প্ৰকাশ কৰা অনুসৰি এই অভিযানত ৭ উগ্ৰপন্থীও নিহত হয়। ড’নত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ মে’ মাহত ফেডাৰেল চৰকাৰ আৰু সেনাই পাকিস্তানৰ বৰ্তমানৰ সন্ত্ৰাসবাদ আৰু অস্থিৰতাৰ বাবে ভাৰতক দোষাৰোপ কৰাৰ প্ৰয়াসত বেলুচিস্তান আৰু খাইবাৰ পখতুনখোৱাত ভিত্তি কৰি বিদ্ৰোহী গোটসমূহক ফিটনা আল-হিন্দুস্তান আৰু ফিটনা আল-খাৱাৰিজ বুলি নামকৰণ কৰি এক নতুন কৌশল আৰম্ভ কৰিছিল। ইয়াৰ পিছত পাকিস্তান চৰকাৰ আৰু আই এছ পি আৰেও নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানক ফিটনা আল হিন্দুস্তান বুলি অভিহিত কৰিছে।
আই এছ পি আৰৰ তথ্য অনুসৰি বেলুচিস্তানৰ কুৱেটা জিলাৰ চিলটান পৰ্বতমালাত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ অভিযোগৰ ভিত্তিত সামৰিক অভিযান আৰম্ভ কৰা হয়। এই অভিযানৰ সময়ত সেনাই ১৪জন সন্ত্ৰাসবাদীক হত্যা কৰে। ইয়াৰ উপৰিও কেচ জিলাৰ বুলেডাত আত্মগোপন কৰি থকা চাৰিজন সন্ত্ৰাসবাদী নিহত হয়। ঘটনাস্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। ইয়াৰ এদিন পূৰ্বে খাইবাৰ পখতুনখোৱাৰ কুৰৰাম জিলাৰ ডোগাৰত সংঘটিত হোৱা এনকাউণ্টাৰত এজন কেপ্তেইনসহ কমেও ছয়জন পাকিস্তানী জোৱান নিহত হোৱাৰ বিপৰীতে ৭টা সন্ত্ৰাসবাদী নিহত হয়। শ্বহীদ অধিনায়কজনৰ নাম নৌমান চেলিম (২৪) বুলি কোৱা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
