একতা কাপুৰৰ জনপ্ৰিয় অনুষ্ঠান ‘কিউকি সাস ভি কভি বহু থি ২’ সম্প্ৰতি দৰ্শকৰ মাজত প্ৰচণ্ড জনপ্ৰিয়তা লাভ কৰিছে। টি আৰ পি চাৰ্টত দ্বিতীয় স্থানত আছে, ‘অনুপমা’ৰ পিছত। দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত স্মৃতি ইৰাণীৰ সৰু পৰ্দালৈ ঘূৰি অহাটোৱে দৰ্শকক আনন্দিত কৰি তুলিছে। অৱশ্যে এতিয়া খবৰ আহিছে যে নিৰ্ধাৰিত সময়ৰ আগতেই শ্ব’টো অফ এয়াৰ হ’ব পাৰে।
হিতেন তেজৱানীয়ে স্পষ্ট কৰি দিলে: শ্ব’টোত কৰণ বিৰাণীৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা হিতেন তেজৱানীয়ে এই খবৰৰ প্ৰতি সঁহাৰি জনায়। তেওঁ কয়, মই নিয়মিতভাৱে শ্বুটিং নকৰাৰ বাবে শ্ব’টো শেষ হ’ব নে নাই সেই বিষয়ে মোৰ কোনো ধাৰণা নাই। যদি মই আৰু বেছি সময় চেটত থাকিলোহেঁতেন তেন্তে মোৰ হাতত হয়তো কিছু আপডেট থাকিব।
হিটেনে আৰু বুজাই দিলে, যেতিয়া আমাক এই প্ৰজেক্টৰ বাবে মাতি অনা হৈছিল, তেতিয়া স্পষ্টকৈ কোৱা হৈছিল যে ই আগৰ শ্ব’বোৰৰ দৰে দীঘলীয়া শ্ব’ নহ’ব। ইয়াক সীমিত ধাৰাবাহিক হিচাপে নিৰ্মাণ কৰা হৈছিল। মই নাজানো চেনেল বা প্ৰডাকচন টিমে এতিয়া কি সিদ্ধান্ত লয়।
‘কিউকি সাছ ভি কভি বহু থি ২’ ২০২৫ চনৰ ২৯ জুলাইৰ পৰা ষ্টাৰ প্লাছত প্ৰচাৰ আৰম্ভ হৈছিল।প্ৰায় ২৫ বছৰৰ পাছত স্মৃতি ইৰাণী আৰু অমৰ উপাধ্যায় (তুলসী আৰু মিহিৰ)ৰ উভতি অহাৰ লগে লগে দৰ্শকৰ বাবে পুনৰ নষ্টালজিয়া কঢ়িয়াই আনিছে। এতিয়া দৰ্শকে শ্ব’টোৰ ভৱিষ্যতৰ বিষয়ে আনুষ্ঠানিক নিশ্চিতকৰণৰ বাবে অপেক্ষা কৰি আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
