গুৱাহাটী, ৩০ অক্টোবৰ (হি.স.)। গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হোৱা মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেলত ইংলেণ্ডক ১২৫ ৰানত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই ইতিহাস ৰচনা কৰে। এইদৰ দক্ষিণ আফ্ৰিকাৰ মহিলা দলটোৱে এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিছে।
কেপ্তেইন ল’ৰা উলভাৰ্ডৰ ঐতিহাসিক শতিক-
ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ বাছি লৈছিল যদিও দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ল’ৰা উলভাৰ্ডে সুন্দৰ বেটিং কৰি নিজৰ দলটোক শক্তিশালী স্থানত ৰাখিছিল। তেওঁ ১৬৯ ৰান কৰে। এয়া তেওঁৰ দশম এদিনীয়া শতক আৰু প্ৰথম বিশ্বকাপৰ শতক। উলভাৰ্ডে তাজমিন ব্ৰিটিছ (৪৫)ৰ সৈতে ১১৬ ৰানৰ মুকলি অংশীদাৰিত্ব ভাগ কৰিছিল। যদিও ইংলেণ্ডৰ ছফী এক্লেষ্টনে চাৰিটা উইকেট (১০ অভাৰত ৪৪ ৰান)ৰে পুনৰ উভতি আহিছিল, তথাপিও দক্ষিণ আফ্ৰিকাই ৫০ অভাৰত ৭ উইকেটত ৩১৯ ৰান সংগ্ৰহ কৰে।
মাৰিজান কেপৰ মাৰাত্মক বলিং আৰু ইংলেণ্ডৰ ইনিংছ ধ্বংস-
৩২০ ৰানৰ লক্ষ্য খেদি খেদি ইংলেণ্ডৰ আৰম্ভনি একেবাৰে শোচনীয় আছিল। ইংলেণ্ডে মাত্ৰ এটা ৰানত তিনিটা উইকেট হেৰুৱাই বিপৰ্যয়জনক আৰম্ভণি কৰে। প্ৰথম অভাৰত মেৰিজান কেপে এমি জ’নছ আৰু হিদাৰ নাইটক আউট কৰে। আয়াবাংগা খাকাই দ্বিতীয় অভাৰত টেমি বিউমণ্টক আউট কৰি ইংলেণ্ডৰ পৰিস্থিতি আৰু অধিক দুৰ্বল কৰি পেলায়।
চতুৰ্থ উইকেটৰ বাবে ১০৭ ৰানৰ অংশীদাৰিত্বৰে ইংলেণ্ডক কিছু সকাহ দিয়ে অধিনায়ক নাটালি স্কাইভাৰ-ব্ৰাণ্ট (৬৪) আৰু এলিছ কেপছে (৫০) যদিও তাৰ পিছত দলটোৱে সুস্থ হৈ উঠাত ব্যৰ্থ হয়। কাপে সুন্দৰ বলিং কৰি ৭ অভাৰৰ সময়ছোৱাত মাত্ৰ ২০ ৰানত ৫টা উইকেট দখল কৰে। সমগ্ৰ ইংলেণ্ড দলটোৱে ৪২.৩ অভাৰত ১৯৪ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল।
হিচাপ আদায়, ইতিহাস সৃষ্টি-
এই জয়েৰে দক্ষিণ আফ্ৰিকাই ইংলেণ্ডৰ সৈতে সকলো পুৰণি হিচাপ নিষ্পত্তি কৰে। যোৱা দুটা বিশ্বকাপৰ (২০১৭ আৰু ২০২২) ছেমি ফাইনেলত ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক বাহিৰ কৰি দিছিল। আনকি বৰ্তমানৰ প্ৰতিযোগিতাখনৰ লীগ মেচখনতো দক্ষিণ আফ্ৰিকা ৬৯ ৰানত অল আউট হৈছিল।
অধিনায়ক ল’ৰা উলভাৰ্ডক তেওঁৰ উজ্জ্বল প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়। ইফালে, মাৰিজান কেপৰ বলিঙে এই মেচখনক ঐতিহাসিক কৰি তুলিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
