• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > গাজাত হামাছৰ লক্ষ্যত ইজৰাইলৰ বোমা বৰ্ষণত নিহত ৩৩ জন লোক
International

গাজাত হামাছৰ লক্ষ্যত ইজৰাইলৰ বোমা বৰ্ষণত নিহত ৩৩ জন লোক

CliQ INDIA
Last updated: October 30, 2025 1:56 am
CliQ INDIA
Share
4 Min Read
SHARE

গাজা পট্টী, ২৯ অক্টোবৰ (হি.স.)। ইজৰাইলী সংৰক্ষিত জোৱান এগৰাকীক যোৱা কালি হত্যা কৰাৰ পিছত গাজাৰ বতাহ বাৰুদেৰে ভৰি পৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এই হত্যাকাণ্ডৰ বাবে সন্ত্ৰাসবাদী সংগঠন হামাছক দোষাৰোপ কৰি ইয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। আইডিএফৰ শেহতীয়া বিমান আক্ৰমণত কমেও ৩৩ জন লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। গাজা চহৰ, বেইট লাহিয়া, আল-বুৰেইজ, নুচেইৰাট, খান ইউনিছত এই আক্ৰমণ সংঘটিত হৈছিল।

দ্য টাইমছ অৱ ইজৰাইলৰ মতে, গাজা ষ্ট্ৰিপত হামাছৰ দ্বাৰা পৰিচালিত অসামৰিক প্ৰতিৰক্ষা সংস্থাই দাবী কৰিছে যে ইজৰাইলৰ বিমান আক্ৰমণত কমেও ৩৩জন পেলেষ্টাইনী নিহত হৈছে। হামাছে দাবী কৰে যে জোৱানজনৰ হত্যাৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত যুদ্ধবিৰতি চুক্তি মানি চলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সংস্থাটোৰ মুখপাত্ৰ মাহমুদ বাছালে কয় যে আমাৰ দলসমূহে এতিয়াও ধ্বংসাৱশেষৰ তলৰ পৰা মৃত আৰু আহতসকলক উদ্ধাৰ কৰি আছে।

এই পৰিঘটনাৰ সন্দৰ্ভত ট্ৰাম্পে কয় যে যিয়েই নহওক কিয় যুদ্ধবিৰতি বিপদত পৰা নাই। তেওঁ লগতে কয় যে ইজৰাইলৰ সৈন্যক লক্ষ্য কৰি ল’লে প্ৰতিশোধ লোৱাৰ অধিকাৰ আছে। ইয়াৰ পূৰ্বে মঙলবাৰে বিয়লি সংৰক্ষিত জোৱানজনৰ হত্যাৰ খবৰৰ পিছতে সন্ধিয়া প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে এক চমু বিবৃতি প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে সেনাক ব্যাপক আক্ৰমণ চলাবলৈ নিৰ্দেশ দিছে। এই বিবৃতিৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে মঙলবাৰে গাজাত ইজৰাইলী সৈন্যক আক্ৰমণ কৰি হামাছে “ৰঙা ৰেখা” অতিক্ৰম কৰিলে আৰু ইয়াৰ মূল্য ভৰিব লাগিব। ইজৰাইলৰ এজন সামৰিক বিষয়াই কয় যে হামাছৰ আক্ৰমণ সংঘটিত হৈছে “হালধীয়া ৰেখা”ৰ পূব দিশত, যিটোৱে যুদ্ধবিৰতি চুক্তিৰ অধীনত গাজাৰ ভিতৰত ইজৰাইলৰ নিয়ন্ত্ৰিত অঞ্চলটোক চিহ্নিত কৰে। খবৰ অনুসৰি মঙলবাৰে বিয়লি গাজাৰ দক্ষিণৰ ৰাফা চহৰত জোৱানৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়।

চিকিৎসা সূত্ৰৰ উদ্ধৃতি দি আল জাজিৰা টিভিয়ে দাবী কৰিছে যে ইজৰাইলৰ সামৰিক আক্ৰমণত কমেও ৬৩ জন লোক নিহত হৈছে। চেনেলটোৰ মতে, ইয়াৰ ভিতৰত আছিল ২৪টা শিশু। ২০২৩ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা গাজাত ইজৰাইলৰ আক্ৰমণত কমেও ৬৮,৫২৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০,৩৯৫ জন লোক আহত হৈছে। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ সময়ত ইজৰাইলত মুঠ ১১৩৯ জন লোক নিহত হয় আৰু প্ৰায় ২০০ লোকক পণবন্দী কৰা হয়।

পেলেষ্টাইন ক্ৰনিকল কাকতত প্ৰকাশিত বাতৰি অনুসৰি গাজা চহৰৰ পশ্চিমে থকা ছাব্ৰা আৰু দক্ষিণ গাজাৰ খান ইউনিছৰ উত্তৰ-পশ্চিমে সংঘটিত হোৱা এই আক্ৰমণত ৭ জন লোক নিহত হৈছে। গাজাৰ জৰুৰীকালীন সেৱাই এই বোমা বিস্ফোৰণত কেইবাজনো লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আল-আউদা হাস্পতালৰ সূত্ৰই জনোৱা মতে, মধ্য গাজাৰ নুছেৰাট শৰণাৰ্থী শিবিৰৰ দক্ষিণে থকা শৰণাৰ্থী তম্বুত আক্ৰমণত অধিক লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ইজৰাইলৰ যুদ্ধ বিমানে গাজাৰ দক্ষিণ ৰাফাত হামাছৰ কেইবাটাও লক্ষ্যত বোমা বিস্ফোৰণ কৰাৰ লগতে গাজা চহৰৰ পূব দিশৰ অলিভছ অঞ্চলতো আক্ৰমণ কৰে।

কালি গাজাত হামাছৰ আক্ৰমণত ৰিজাৰ্ভ জোৱান ৩৭ বছৰীয়া মাষ্টাৰ চাৰ্জেণ্ট (অৱসৰপ্ৰাপ্ত) যোনা এফ্ৰাইম ফেল্ডবামৰ মৃত্যু হোৱা বুলি আইডিএফে নিশ্চিত কৰে। ফেল্ডবামে পশ্চিম পাৰৰ নেৰিয়া বসতিস্থলত সামৰিক যন্ত্ৰপাতি পৰিচালনা কৰিছিল। আইডিএফৰ প্ৰাৰম্ভিক তদন্তত দাবী কৰা হৈছে যে উগ্ৰপন্থীয়ে আৰপিজি আৰু স্নাইপাৰেৰে জোৱানৰ ওপৰত গুলীচালনা কৰে। আই ডি এফে অনুমান কৰিছে যে তাত উগ্ৰপন্থীয়ে আত্মগোপন কৰি আছে। যোৱা সপ্তাহত একেটা অঞ্চলতে একেধৰণৰ আক্ৰমণত দুজন জোৱান নিহত হৈছিল। দুয়োটা আক্ৰমণৰ বাবে ইজৰাইলে হামাছক জগৰীয়া কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ট্ৰাম্প প্ৰশাসনে মুকলি কৰিব ৰাজ্যসমূহৰ ৫.৫ বিলিয়ন ডলাৰৰ শিক্ষাৰ পুঁজি
আমেৰিকান হোটেলত বিস্ফোৰণ, ২১ জন আহত, এজনৰ অৱস্থা সংকটজনক
বাংলাদেশ-চৌদি আৰৱৰ বিমানত কাৰিকৰী বিজুতি, এঘণ্টাৰ পাছত ঢাকালৈ উভতিল
নেপাল প্ৰিমিয়াৰ লীগত জুৱাত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ ৮ ভাৰতীয় নাগৰিক
আজিৰে পৰা কুৱালালামপুৰত দুদিনীয়া আছিয়ান সন্মিলন; মালয়েছিয়াত উপস্থিত ট্ৰাম্প; ভাৰতৰ পৰা ড° জয়শংকৰৰ অংশগ্ৰহণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দ্বিতীয় ত্ৰৈমাসিকত কয়লা ইণ্ডিয়াৰ লাভ ৩২% হ্ৰাস পাই ৪,২৬৩ কোটি টকা
Next Article বছৰৰ শেষৰ ফালে ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফটিএ চুক্তি হোৱাৰ সম্ভাৱনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?