ইছলামাবাদ, ২৯ অক্টোবৰ (হি.স.) পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৰাজধানী লাহোৰত এজন আৰক্ষী উপ পৰিদৰ্শকক ডকাইতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে । শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ ক্লিপৰ আধাৰত আৰক্ষীৰ জ্যেষ্ঠ বিষয়াই তদন্ত চলাইছিল। তদন্তৰ পিছত তেওঁক আটক কৰি জেৰা কৰা হয়। অপৰাধ স্বীকাৰ কৰাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
দ্য এক্সপ্ৰেছ ট্ৰিবিউনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি লাহোৰৰ শ্বাহদাৰাত ডকাইতিৰ অভিযোগ উত্থাপন হৈছে উপ-পৰিদৰ্শকজনৰ। আৰক্ষীৰ সূত্ৰই অভিযুক্তক নতুন আনাৰকালী থানাৰ অপাৰেচন উইঙত নিযুক্তি দিয়া উপ-পৰিদৰ্শক আম্মাৰ বুলি চিনাক্ত কৰিছে। যোৱা ২৭ অক্টোবৰত শ্বাহদাৰাৰ ইছলামিয়া কলনীৰ এজন স্থানীয় ব্যৱসায়ীৰ ঘৰত মুখা পিন্ধা আৰু অস্ত্ৰধাৰী ডকাইতৰ সৈতে চিচিটিভিৰ ফুটেজ প্ৰকাশ পোৱাৰ পিছতে তেওঁক জিম্মাত লোৱা হৈছিল।
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে আম্মাৰে ইমৰাণ হাইদৰৰ ঘৰৰ পৰা নগদ ধনেৰে ভৰা বেগ এটা কাঢ়ি লৈ গৈছে। তদন্তকাৰীয়ে জনোৱা মতে, ভুক্তভোগীৰ ঘৰত এইটো চতুৰ্থটো ডকাইতি। শেহতীয়াকৈ সংঘটিত হৈছে ১৮ অক্টোবৰত এই ঘটনা। অভিযুক্তই বন্দুকৰ ভয় দেখুৱাই লুটি নিলে ৪ লাখ ৭৭ হাজাৰ টকা।
ভাইৰেল ক্লিপটোক লৈ জনসাধাৰণৰ ক্ষোভৰ পিছত চিটিৰ আৰক্ষী অধীক্ষকে বিশেষ তদন্তকাৰী দল গঠন কৰে। চোৰাংচোৱা আৰু কাৰিকৰী তথ্যৰ ভিত্তিত দলটোৱে মস্তি গেট আৰক্ষীৰ সহযোগত কোনো ধৰণৰ প্ৰতিৰোধ নোহোৱাকৈ আম্মাৰক গ্ৰেপ্তাৰ কৰে। প্ৰাথমিক সোধা-পোছাৰ অন্তত তেওঁক অধিক জেৰা আৰু প্ৰমাণ সংগ্ৰহৰ বাবে কেন্দ্ৰীয় তদন্ত বিভাগলৈ বদলি কৰা হয়। তেওঁৰ মোবাইল ফোন, চাৰ্ভিচ ৱেপন, আৰু অন্যান্য প্ৰমাণৰ ফৰেনছিক পৰীক্ষা চলি আছে। তেওঁৰ পলায়ন কৰা সহযোগীসকল স্বভাৱগত অপৰাধী।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
