বিশ্বনাথ। ২৭ অক্টোবৰ (হি.স.): বিশ্বনাথৰ সাধাৰু ২ নং কাছাৰী লাইন খেলপথাৰত গণশিল্পী হার্টথ্রব জুবিন গাৰ্গৰ সোঁৱৰণত মহিলা ফুটবল দলৰ উদ্যোগত আৰু ডি.ৱাই.এফ.আই আৰু এচ.এফ.আই ৰ সহযোগত পুনপ্ৰথম বাৰৰ বাবে মহিলা ফুটবল আৰু পুৰুষ ফুটবল প্রতিযোগিতা দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। এই ফুটবল খেল প্ৰতিযোগিতত মহিলা ফুটবলৰ ৮ টা দলে অংশগ্ৰহণ কৰে। মহিলা ফুটবল প্ৰতিযোগীতাত বাঘমাৰী বনাম দিৰিং বনামৰ চূড়ান্ত খেল খন অনুষ্ঠিত হয়। ফাইনেল খেলখনত ১–০ গ’লত দিৰিং ফুটবল দল বিজয়ী হয়। একেদৰে পুৰুষ ফুটবল দলৰ সাধাৰু বাকামবাৰী ফুটবল দল আৰু নীলপুৰ চাহ বাগিচা ফুটবল দলৰ মাজত চূড়ান্ত খেল খন অনুষ্ঠিত হয়। ফাইনেল খেলখনত ১–০ গ’লত নীলপুৰ চাহ বাগিচা ফুটবল দল বিজয়ী হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে সমাজসেৱক ড° ৰঞ্জন গগৈ, নিত্য নাৰ্জাৰী, কিশোৰ মাহালী, মনোজ কোল, দিনানাথ বাউৰীৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ অংশগ্ৰহণ কৰি ফুটবল প্ৰতিযোগিতা খেল উপভোগ কৰে। ইয়াৰ পিচতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি চিবানি ঘোষে মায়াবিনী সংগীত পৰিবেশন কৰে শিবানী ঘোষে। পৰবৰ্তী বটা বিতৰণী অনুষ্ঠানৰ সাধাৰু চাহ বাগিছাৰ চিকিৎসা কৰ্মী সূৰ্জেন গোৱালৰ সভাপতিত্বত আৰু ডিৱাইএফআই সাধাৰু শাখাৰ সম্পাদক একোৱা মুণ্ডা আঁতধৰা সভাত অতিথি সকলক ফুলাম গামোছাৰে সন্মান জনোৱা পিচতে বঁটা বিতৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
