
লক্ষীমপুৰ, ২৫অক্টোবৰ (হি.স.)। নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গোগামুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(এজেৱাইচিপি)ৰ প্ৰতিবাদ। গেৰুকামুখৰ বৃহৎ নদীবান্ধ প্ৰকল্পৰ টাৰ্বাইন ঘূৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে এন এইচ পি চিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংগঠনটো।
গোগামুখৰ মাজমজিয়াত এন এইচ পি চিৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।
নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আৰু চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰি হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে গোগামুখৰ ৰাজপথ উত্তাল কৰি তুলে সংগঠনটোৱে। নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই অসমৰ কেইবাখনো জিলাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ পিছত এন এইচ পি চি এই দিশত কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নায়।অসমৰ ৰাইজৰ নিৰাপত্তাৰ দিশটো সম্পূৰ্ণ আওকান কৰা বুলি এজেৱাইচিপিৰ নেতৃত্বই এন এইচ পি চিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।
হিন্দুস্থান সমাচাৰ / Narayan Kar
