ইম্ফল, ২৫ অক্টোবৰ (হি.স.)। মণিপুৰ আৰক্ষীয়ে ৰাজ্য খনৰ তিনিখন জিলাত একেলগে অভিযান চলাই চাৰিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে । তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু পৰিচয় পত্ৰ জব্দ কৰা হৈছে।
মণিপুৰ আৰক্ষীয়ে শনিবাৰে প্ৰকাশ কৰা আনুষ্ঠানিক তথ্য অনুসৰি ২৪ অক্টোবৰত চুৰাচান্দপুৰ জিলাত সৰ্বাধিক দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষীয়ে সংযুক্ত কুকি ৰাষ্ট্ৰীয় সেনাৰ সক্ৰিয় সদস্য ১৮ বছৰীয়া হাওমিন্থাং হাওকিপক গ্ৰেপ্তাৰ কৰে। পুৰণি গেলমৌলৰ ঘৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে । অভিযান কাৰীসকলে দুটা সজীৱ গুলী ভৰ্তি এটা পিষ্টল, এটা মোবাইল ফোন আৰু এখন আধাৰ কাৰ্ড উদ্ধাৰ কৰে। অভিযোগ মতে, চুৰাচান্দপুৰ চহৰৰ ব্যৱসায়ী আৰু ব্যক্তিৰ পৰা ধন দাবী আৰু অবৈধভাৱে ধন সংগ্ৰহৰ লগত জড়িত আছিল হাওকিপ।
কাকচিং জিলাত আৰক্ষীয়ে নিষিদ্ধ কেচিপি (টাইবুংগনবা)ৰ সক্ৰিয় কেডাৰ হিচাপে চিনাক্ত ছালাম সুশীল সিং (২৩)ক গ্ৰেপ্তাৰ কৰে। কাকচিং ৱাৰী বামন পাৰেং অঞ্চলৰ নিজ গৃহৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ পৰা এটা মোবাইল ফোন, আধাৰ কাৰ্ড, পেন কাৰ্ড জব্দ কৰে নিৰাপত্তাৰক্ষীয়ে।
তৃতীয়জনক গ্ৰেপ্তাৰ কৰে ইম্ফল পশ্চিম জিলাত, য’ত পাটছয় থানা এলেকাৰ সংগাইথেল মাখা লেইকাইৰ পৰা ইনাওবি আৰু নোংছাবা নামেৰে পৰিচিত ছামজেৎছাবাম সঞ্জিত সিং (৪২)ক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ সময়ত ৰিভল্যুচনেৰী পিপলছ ফ্ৰণ্ট/পিপলছ লিবাৰেচন আৰ্মীৰ সক্ৰিয় সদস্য বুলি সন্দেহ কৰা সিঙক গ্ৰেপ্তাৰৰ সময়ত এটা মোবাইল ফোন লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয়।
মণিপুৰ আৰক্ষীয়ে চতুৰ্থজন উগ্ৰপন্থী ৰূপে প্ৰিপাক (প্ৰ’)ৰ সক্ৰিয় কেডাৰ মইৰাংথেম দিনা মেইটেই ওৰফে ঙাকপা (৩২)ক গ্ৰেপ্তাৰ কৰে। ইম্ফল পূৱ জিলাৰ ব্ৰহ্মপুৰ নাহাবামৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্ত জনক।
তদন্ত নোহোৱালৈকে তিনিওজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যত বিদ্ৰোহীৰ কাৰ্যকলাপ আৰু অবৈধ ধন দাবীৰ নেটৱৰ্ক ৰোধৰ বাবে অব্যাহত থকা নিৰাপত্তা অভিযানৰ মাজতে এই গ্ৰেপ্তাৰ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ
