গৌতম বুদ্ধ নগৰ, ২৫ অক্টোবৰ (হি.স.)। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আজি জেৱাৰত নিৰ্মাণ হৈ থকা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্রীয়ে তাত চলি থকা নির্মাণ কামৰ পর্যালোচনা কৰে ৷ তেওঁ জেৱাৰ বিমানবন্দৰৰ সৈতে জড়িত বিষয়াসকলক কঠোৰ নিৰ্দেশনা জাৰি কৰি আধৰুৱা কাম অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্রীৰ আগমনৰ পাছতে নৱেম্বৰ বা ডিচেম্বৰৰ অন্তিম সপ্তাহত জেৱাৰ বিমানবন্দৰৰ পৰা বিমান সেৱা আৰম্ভ হ’ব বুলি চর্চা চলিছে ৷ এই বৈঠকত যমুনা উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া আৰ কে সিং, নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেড (এন আই এ এল)ৰ বিষয়াসকল, জিলা প্ৰশাসনৰ বিষয়া, আৰক্ষী বিষয়া, জেৱাৰ বিধায়ক ধীৰেন্দ্ৰ সিং, গৌতম বুদ্ধ নগৰ জিলাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী কুঁৱৰ বৃজেশ সিংৰ লগতে বহু সংখ্যক বিষয়া আৰু নেতা উপস্থিত থাকে।
মুখ্যমন্ত্রীৰ আগমনৰ বাবে মোতায়েন কৰা হ’ল আৰক্ষীৰ গধুৰ উপস্থিতি৷ দিনৰ প্ৰায় ১২ বজাত হিন্দন বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে জেৱাৰ বিমানবন্দৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। তাত থকা বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি দিল্লীলৈ ৰাওনা হয়। কাইলৈ গাজিয়াবাদত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এখন চিকিৎসালয় উদ্বোধন অনুষ্ঠানতো তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে উপস্থিত থাকিব ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
