কোকৰাঝাৰ, ২৫ অক্টোবৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত যোৱা কালি শুকুৰবাৰে বিয়লি আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে অভিযান চলায়। গোসাইগাঁৱত আৰক্ষীয়ে এই অভিযান চলাই আঠজন জুৱাৰীক আটক কৰিছে। মহকুমাখনৰ পদ্মবিলৰ পৰা জুৱাৰী কেইটাক আটক কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে গোসাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোস্বামীৰ নেতৃত্বত আৰক্ষীয়ে নিয়মিত টহল দি থকা সময়তে হাতে লোতে ধৰে জুৱাৰী কেইটাক। ধৃত জুৱাৰী কেইটা ক্ৰমে গোসাইগাঁৱৰ বাসিন্দা মোজাম্মেল হক, দুলাল আলী, জয়নাল আবেদিন, ছফিকুল ইছলাম, জিয়াৰুল ৰহমান, ছাজাহান মণ্ডল, ময়নাল শেখ আৰু ছাফিজুল হক বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে অঞ্চলটোত বাটে ঘাটে প্ৰায়ে জুৱা খেল অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈ আহিছে। মুকলি ভাৱে অনুষ্ঠিত হোৱা এই জুৱা খেলে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে বহু ঘৰ ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলিও অভিযোগ উত্থাপিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
