
দক্ষিণ শালমাৰা মানিকাচৰ, ২৪ অক্টোবৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ টুমনীত ছাত্ৰ সন্থা আৰু দেশী যুব ছাত্ৰ মঞ্চৰ উদ্যোগত জুবিন গাৰ্গ ন্যায়ৰ দাবীত ‘ন্যায় সমদল’ বাহিৰ কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ আৰু দেশী যুব ছাত্ৰ মঞ্চৰ আহ্বান মৰ্মে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ন্যায় সমদল কাৰ্যসূচী ৰূপায়ন কৰা হয়।
দক্ষিণ শালমাৰাৰ টুমনী বজাৰত যোৱাকালি বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হোৱা সমদল বজাৰটোৰ আনটো ফললৈ গৈ ন্যায় সমদল সামৰণি পৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গো বেক, জুবিন গাৰ্গৰ নামত ৰাজনীতি নচলিব, ৰিনিকি ভূঞাক আইনৰ আওঁতাত আনিব লাগিব আদি বিভিন্ন শ্লগানেৰে দক্ষিণ শালমাৰাৰ টুমনী অঞ্চলৰ আকাশ বতাহ কপাঁই তোলে৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৌ অসম ছাত্ৰ সন্থা আৰু দেশী যুব ছাত্ৰ মঞ্চৰ লগতে টুমনী বাসী ৰাইজৰ সহয়োগত প্ৰায় সহস্ৰাধিক লোকে উক্ত ন্যায় সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।উল্লেখ্য যে সাংবাদিকৰ সাক্ষাৎকাৰত ছাত্ৰ সন্থাৰ জিলা সভাপতিয়ে বিজেপি দলৰ ন্যায় সমদলে চৰকাৰ খনৰ ব্যৰ্থতা আৰু জুবিন গাৰ্গৰ ন্যায় দিয়াৰ ক্ষেত্ৰত হিমন্ত বিশ্বশৰ্মাই চৰম লজ্জাজনক ভাবে ব্যৰ্থ হোৱাটো পৰিলক্ষিত হোৱা বুলি মন্তব্য কৰে৷ সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে যে জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ ন্যায় নোপোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
