নতুন দিল্লী, ২৪ অক্টোবৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ শীৰ্ষ প্ৰচাৰক তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বিহাৰ ভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাব। তেওঁৰ তিনিটা স্থানত কাৰ্যসূচী আছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে দুটা স্থানত ৰাজহুৱা সভাত ভাষণ দিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডাইও জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। বিহাৰ বিধানসভা নিৰ্বাচনত তিনিওজন নেতাই দল আৰু ইয়াৰ মিত্ৰ দলৰ হৈ প্ৰচাৰ চলাব। বিজেপিয়ে তেওঁলোকৰ কাৰ্যসূচীৰ সবিশেষ নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে সমস্তীপুৰ ভ্ৰমণৰ কথা। ৰাতিপুৱা ১১ বজাত তেওঁ উপস্থিত হ’ব কাৰ্পুৰী গ্ৰামত। তাত তেওঁ ভাৰত ৰত্ন প্ৰয়াত কাৰ্পুৰী ঠাকুৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। প্ৰায় এঘণ্টাৰ পিছত তেওঁ সমস্তীপুৰতেই এখন নিৰ্বাচনী সভাত ভাষণ দিব। তাত ভোটাৰক সম্বোধন কৰাৰ পাছত বেগুছৰাইত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। দুপৰীয়া ২ বজাত তেওঁৰ ৰাজহুৱা সভা অনুষ্ঠিত হ’ব।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে বিয়লি ১:৩০ বজাত ছিৱানৰ কৈলালগড় হাইস্কুল খেলপথাৰত আৰু বিয়লি ৩:১৫ বজাত বক্সৰৰ দুৰ্গ খেলপথাৰত ৰাজহুৱা সভাত ভাষণ দিব। ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নড্ডাই সন্ধিয়া ৬ বজাত হাজীপুৰ (বৈশালী জিলা)ৰ হথসৰগঞ্জ নাকাত এখন ৰাজহুৱা সভাত ভাষণ দিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
