নতুন দিল্লী, ২৩ অক্টোবৰ (হি.স.)। ভাতৃ দ্বিতীয় দিনা ঘৰুৱা বুলিয়ন বজাৰে নিম্নগামী ধাৰা অব্যাহত ৰাখিলে। একেৰাহে চতুৰ্থ দিনৰ বাবে হ্ৰাস পাইছে সোণৰ মূল্য। আজিৰ ব্যৱসায়ত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৩০০ টকাৰ পৰা ৪৬৯০ টকালৈ হ্ৰাস পাইছে। প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্যও ৪ হাজাৰ টকা হ্ৰাস পাইছে। এই মূল্য হ্ৰাসৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৮৮০ টকাৰ পৰা ১,২৬,০৩০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,১৫,৩৯০ টকাৰ পৰা ১,১৫,৫৪০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ দাম তীব্ৰ হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,৫৯,৯০০ টকাত বিক্ৰী হৈছে।
দিল্লীত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৬,০৩০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৫,৫৪০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,২৫,৮৮০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৫,৩৯০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৯৩০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত দৰ ১,১৫,৪৪০ টকা ।
এই ডাঙৰ চহৰসমূহৰ বাহিৰেও চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৫,৮৮০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণ ১,১৫,৩৯০ টকাত বিক্ৰী হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৮৮০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণৰ মূল্য ১,১৫,৩৯০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৬,০৩০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,১৫,৫৪০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ১,২৫,৯৩০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,১৫,৪৪০ টকাত বিক্ৰী হৈছে। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৬,০৩০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,১৫,৫৪০ টকাত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য হ্ৰাস পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৮৮০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ দৰ প্ৰতি ১০ গ্ৰাম হৈছে ১,১৫,৩৯০ টকা ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
