ৱাশ্বিংটন, ২৩ অক্টোবৰ (হি.স.)। সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আমেৰিকাই অভিযান তীব্ৰতৰ কৰি তুলিছে। একেৰাহে দ্বিতীয় দিনৰ বাবে বুধবাৰে পূব প্ৰশান্ত মহাসাগৰত এখন জাহাজত আক্ৰমণ চলাই জাহাজখনত থকা তিনিজন পুৰুষ ড্ৰাগছ সৰবৰাহকাৰী সন্ত্ৰাসবাদীক নিহত কৰে হয়। ট্ৰাম্প প্ৰশাসনে এই অভিযানত কোনো ধৰণৰ শিথিলতা প্ৰদান কৰা নহ’ব বুলি উল্লেখ কৰিছে।
দ্য নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি বুধবাৰে সন্ধিয়া প্ৰতিৰক্ষা সচিব পিট হেগছেথে এই তথ্য এক্স-প’ষ্টত শ্বেয়াৰ কৰে। তেওঁ লিখিছে, আন্তঃৰাষ্ট্ৰীয় জলসীমাত এই আক্ৰমণৰ সময়ত জাহাজখনত তিনিজন পুৰুষ নিচাযুক্ত সন্ত্ৰাসবাদী আছিল। তেওঁ উল্লেখ কৰে যে আমেৰিকাত প্ৰৱেশ কৰা ড্ৰাগছ সৰবৰাহকাৰীক চিকাৰ কৰি হত্যা কৰা হ’ব।
বুধবাৰে সন্ধিয়া হেগছেথে কয় যে দুদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ট্ৰাম্প প্ৰশাসনে পূব প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ড্ৰাগছ সৰবৰাহৰ সন্দেহযুক্ত জাহাজত মাৰাত্মক আক্ৰমণ চলাইছে। এতিয়া এই অভিযান কেৰিবিয়ান সাগৰৰ বাহিৰলৈও সম্প্ৰসাৰিত হৈছে। ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ সময়ত আমেৰিকাৰ বিশেষ অভিযান বাহিনীয়ে ৯টা ঘটনাত ৩৭জন ড্ৰাগছ সৰবৰাহকাৰীক হত্যা কৰিছিল। আমেৰিকাৰ এজন বিষয়াৰ মতে, পূব প্ৰশান্ত মহাসাগৰীয় অঞ্চলত প্ৰথম আক্ৰমণ সংঘটিত হৈছিল কলম্বিয়াৰ উপকূলৰ ওচৰত।
হেগছেথৰ এক্স-পোষ্টৰ তথ্য অনুসৰি মঙলবাৰে গভীৰ নিশা সংঘটিত হোৱা এই আক্ৰমণত নাওখনত থকা দুজন লোক নিহত হয়। দ্বিতীয়টো আক্ৰমণত নিহত হয় তিনিজন লোক। বুধবাৰে হোৱাইট হাউছত সাংবাদিকৰ সৈতে এই অভিযান সন্দৰ্ভত কথা পাতিছিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ ইংগিত দিয়ে যে ভৱিষ্যতে আক্ৰমণ সাগৰত লক্ষ্যৰ বাহিৰলৈও বিস্তৃত হ’ব পাৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, এই লোকসকল হিংসাত্মক। তেওঁলোকৰ এনে নাও আছে যিয়ে ঘণ্টাত ৪৫ৰ পৰা ৫০ মাইল বেগত যাত্ৰা কৰে। ট্ৰাম্পে ইংগিত দিছিল যে তেওঁ অতি সোনকালে স্থল লক্ষ্যত আক্ৰমণৰ নিৰ্দেশ দিব।
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশত ২ ছেপ্টেম্বৰত সামৰিক বাহিনীয়ে এই অভিযান আৰম্ভ কৰিছিল। ভেনিজুৱেলাৰ পৰা আৰম্ভ হোৱা এই অভিযান এতিয়া কলম্বিয়াত উপস্থিত হৈছে। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে ২০২০ চনত আমেৰিকাত ড্ৰাগছ সৰবৰাহৰ অভিযোগ উত্থাপন হৈছিল। ট্ৰাম্পৰ দলে তেওঁক কাৰ্টেল নেতা বুলি অভিহিত কৰিছে। কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই কয় যে আমেৰিকাৰ আক্ৰমণত বহু কলম্বিয়ান লোক নিহত হৈছে। মন কৰিবলগীয়া যে বিশ্বৰ কোকেইনৰ অধিকাংশ যোগান দক্ষিণ আমেৰিকাৰ তিনিখন দেশৰ পৰা আহে, ইয়াৰ ভিতৰত কলম্বিয়া মূল দেশ। কেৰিবিয়ান সাগৰ আৰু প্ৰশান্ত মহাসাগৰ দুয়োখনতে ইয়াৰ উপকূল আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
