নগাঁও। ২৩ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীত এক অঘটন সংঘটিত হৈছে। শিঙিমাৰীত যোৱা কালি বুধবাৰে সন্ধিয়া চিপ লৈ চৰম সিদ্ধান্ত গ্ৰহণ কৰে এগৰাকী কিশোৰয়ে। নাচৰিনা খাতুন নামৰ ১৭বছৰীয়া কিশোৰী গৰাকীৰ মৃত্য়ুৰ কাৰণ জানিব পৰা নাই যদিও প্ৰেমজনিত কাৰণত চৰম সিদ্ধান্তৰ পথ বাচি লোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে।
উল্লেখ্য় যে কিশোৰীগৰাকীৰ পিতৃ মাতৃ কেৰালত থকাত ঘৰত দুগৰাকী ভগ্নীয়ে বসবাস কৰি আহিছিল। স্থানীয় ৰাইজে কিশোৰী গৰাকীয়ে ফোনত কথা পাতি থকাও প্ৰত্যক্ষ কৰিছিল। পিতৃ মাতৃ ঘৰত নথকা নাচৰিনা খাতুন নামৰ কিশোৰী গৰাকীয়ে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ কিশোৰী গৰাকীৰ মোবাইল জব্দ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
