
Assam, 23 নগাঁও, ২৩ অক্টোবৰ (হি.স.)। নগাঁৱত অব্যাহত আছে গৰু চোৰৰ তাণ্ডৱ । বিগত কেইটামান দিনত নগাঁও জিলাৰ কঠীয়াতলী, কামপুৰৰ বিভিন্ন স্থানত গৰু চোৰে গৰু চুৰি কৰাৰ কেবাটাও ঘটনা সংঘটিত হৈছে । যোৱা নিশাও কঠীয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত বুকলুঙত এক গৰু চুৰিৰ ঘটনা সংঘটিত হয় ।
বুকলুঙৰ আব্দুল ছালামৰ গোহালী উদং কৰি চোৰে লৈ যায় চাৰিটাকৈ গৰু । চাৰিটাকৈ গৰু চুৰি হোৱাৰ পিছতে পৰিয়ালটোত হাহাকাৰৰ সৃষ্টি হয় । কৃষক আব্দুল ছলামৰ গৰুকেইটা আছিল মূল সম্পদ । গৰুকেইটাৰ জৰিয়তে কৃষি কাৰ্য সম্পাদন কৰি পৰিয়ালটোৱে জীৱিকা নিৰ্বাহ কৰিছিল । ইতিমধ্যে ঘটনা সন্দৰ্ভত ছালামে কঠীয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ।
আনহাতে কঠিয়াতলী কামপুৰ পথৰ জ্যোতি বৰদলৈ নামৰ মহিলা গৰাকীৰ গৃহত নিশা চোৰে লুটপাত চলায়। ঘৰত মানুহ নথকাৰ সুযোগত লোহাৰ ৰদেৰে দৰ্জা খুলি সোণৰ আ-অলংকাৰ আৰু নগদ ধন লুটপাত কৰি লৈ যায় । কঠীয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন স্থানত সঘনাই চুৰি হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অঞ্চলত ঘটি থকা চুৰি কাৰ্য্য বন্ধ কৰিবলৈ ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনাইছে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
