নতুন দিল্লী, ২১ অক্টোবৰ (হি.স.)। অষ্ট্ৰেলিয়াৰ মহিলা দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ভৰিৰ মাংসপেশীৰ আঘাতৰ বাবে বুধবাৰে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপ ২০২৫ লীগ মেচখনত অংশগ্ৰহণ কৰিব নোৱাৰিব অধিনায়ক এলিছা হিলীয়ে।
হিলিয়ে শনিবাৰৰ অনুশীলনৰ সময়ত মাংসপেশী মৃদু টানি ধৰিছিল। ইতিমধ্যে ভাৰত আৰু বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ ফলত তেওঁৰ অনুপস্থিতি অষ্ট্ৰেলিয়াৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।
দল পৰিচালনা সমিতিয়ে জনোৱা মতে, চিকিৎসা দলে হিলীৰ আঘাতৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিব। ২৫ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ লীগৰ অন্তিমখন খেলৰ পূৰ্বে তেওঁৰ উপলব্ধতাৰ সিদ্ধান্ত লোৱা হ’ব।
হিলীৰ অনুপস্থিতিত বেথ মুনীয়ে উইকেট ৰক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ বিপৰীতে ২২ বছৰীয়া যুৱ অ’পেনাৰ জৰ্জিয়া ভলে দলটোৰ বাবে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে।
মন কৰিবলগীয়া যে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড দুয়োটা দলেই ইতিমধ্যে ছেমি ফাইনেলৰ স্থান নিশ্চিত কৰিছে যদিও দলটোৱে অধিনায়ক হিলীৰ ফিটনেছক তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
