মেক্সিকো চহৰ, ২১ অক্টোবৰ (হি.স.)। আমেৰিকা, মেক্সিকো, কোষ্টা ৰিকা, জামাইকাৰ ফুটবল সংস্থাই সোমবাৰে ২০৩১ চনৰ মহিলা বিশ্বকাপ যৌথভাৱে আয়োজন কৰাৰ কথা ঘোষণা কৰে। প্রথমবাৰৰ বাবে ৪৮টা দলৰ সৈতে অনুষ্ঠিত হ’ব এই প্রতিযোগিতাখন৷
মে’ মাহত ফিফাই মহিলা বিশ্বকাপ ৩২টা দলৰ পৰা ৪৮টা দললৈ সম্প্ৰসাৰণৰ বাবে অনুমোদন জনাইছিল। নতুন ফৰ্মেটত ১২টা গ্ৰুপ থাকিব আৰু মুঠ মেচৰ সংখ্যা ৬৪খনৰ পৰা ১০৪খনলৈ বৃদ্ধি পাব আৰু এয়া ২০২৬ চনৰ পুৰুষৰ বিশ্বকাপৰ দৰেই হ’ব।
তেওঁলোকৰ যৌথ বিবৃতিত সংস্থাসমূহে কয় যে তেওঁলোকৰ এই প্ৰস্তাৱৰ লক্ষ্য হৈছে “ইতিহাসৰ আটাইতকৈ প্ৰভাৱশালী প্ৰতিযোগিতা” আয়োজন কৰা, যিয়ে উত্তৰ আমেৰিকা, মধ্য আমেৰিকা আৰু কেৰিবিয়ানত মহিলা ফুটবলৰ বাবে এক স্থায়ী উত্তৰাধিকাৰ এৰি থৈ যায়।
আমেৰিকান ফুটবল এছ’চিয়েশ্যনৰ সভানেত্ৰী চিণ্ডী পাৰ্লো ক’নে কয় যে, আমি আমাৰ কনকাকাফৰ অংশীদাৰ—মেক্সিকো, কোষ্টা ৰিকা আৰু জামাইকাৰ সৈতে ২০৩১ চনৰ মহিলা বিশ্বকাপৰ নিবিদাত নেতৃত্ব দি গৌৰৱান্বিত। আমাৰ লক্ষ্য হৈছে এই প্ৰতিযোগিতাখনে মহিলা ফুটবলৰ বাবে এক নতুন বিশ্বব্যাপী পৰিচয় সৃষ্টি কৰা আৰু ২০৩১ চনৰ পিছতো ইতিবাচক প্ৰভাৱ পেলোৱা।
মেক্সিকান ফুটবল ফেডাৰেচনৰ সভাপতি মাইকেল আৰেঅ’লাই কয় যে এই যৌথ প্ৰস্তাৱে এই আয়োজক দেশসমূহৰ প্ৰতি ফিফা আৰু কনকাকাফৰ আস্থা প্ৰদৰ্শন কৰিছে।
তেওঁ কয় যে ২০৩১ চনৰ মহিলা বিশ্বকাপ আমাৰ অঞ্চলৰ খেলৰ বিকাশ শক্তিশালী কৰাৰ লগতে মেক্সিকোৰ নতুন প্ৰজন্মৰ খেলুৱৈ আৰু অনুৰাগীক অনুপ্ৰাণিত কৰাৰ এক ঐতিহাসিক সুযোগ হ’ব।
সংস্থাসমূহে জনোৱা মতে, নৱেম্বৰ মাহত ফিফাক অফিচিয়েল বিড ডকুমেণ্ট (বিড বুক) দাখিল কৰা হ’ব আৰু ২০২৬ চনৰ ৩০ এপ্ৰিলত ভেংকুৱাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা কংগ্ৰেছত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
যদিহে এই প্ৰস্তাৱ সফল হয় তেন্তে চাৰিখন দেশত অনুষ্ঠিত হ’বলগীয়া প্ৰথমটো মহিলা বিশ্বকাপ হ’ব, য’ত জামাইকা আৰু কোষ্টা ৰিকাই প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ মেচ আয়োজন কৰিব।
অহা বছৰ মেক্সিকো আৰু কানাডাৰ সৈতে পুৰুষৰ বিশ্বকাপ আয়োজন কৰিবলগীয়া আমেৰিকাই ইয়াৰ পূৰ্বে ১৯৯৯ আৰু ২০০৩ চনত মহিলা বিশ্বকাপ আয়োজন কৰিছিল। মেক্সিকোৱে প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপ আয়োজন কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
