ডিব্ৰুগড়, ২১ অক্টোবৰ (হি.স.): ৰাজ্য়ত দুদিনীয়াকৈ কালি পূজা আৰু দ্বীপান্বিতা পালন কৰা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰী শ্ৰী কালী পূজা পালন কৰাৰ সমান্তৰালকৈ খুমটাইৰ শেনছোৱাতো এই পূজা পালন কৰা হৈছে ।
খুমটাইৰ শেনছোৱাত শেনছোৱা আঞ্চলিক কালী পূজা সমিতিৰ উদ্যোগত কালি সন্ধিয়া শ্ৰী শ্ৰী কালী পূজা উদযাপন কৰা হৈছে । বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি পূজা থলীত মা কালীৰ আশীষ বিচৰা পৰিলক্ষিত হৈছে । পূজাৰীৰ বৈদিক মন্ত্ৰোচ্চাৰণেৰে পূজাৰ মাঙ্গলিক প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে । মা কালীৰ বন্দনাৰে কেও দিশ মুখৰ হৈ পৰা দেখা গৈছে । ইফালে মণ্ডপৰ সন্মুখতে আয়োজক সমিতিয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
