পৰ্ট’ৰজ (স্লোভেনিয়া), ২০ অক্টোবৰ (হি.স.)। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে দেওবাৰে কয় যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে ২৪ অক্টোবৰত লণ্ডনত অনুষ্ঠিত হ’বলগীয়া “ক’লিচন অৱ দ্য উইলিং”ৰ বৈঠকত অংশগ্ৰহণ কৰিব।এই বৈঠক ইউক্ৰেইনৰ মিত্ৰ দেশসমূহৰ, যিয়ে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত কিয়ভক সমৰ্থন শক্তিশালী কৰাৰ বাবে আয়োজন কৰা হৈছে।
স্লোভেনিয়াত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মেক্ৰনে কয় যে এই শুকুৰবাৰে লণ্ডনত “ইচ্ছুক মিত্ৰজোঁটে” আংশিকভাৱে ভাৰ্চুৱেল আৰু আংশিকভাৱে ব্যক্তিগতভাৱে বৈঠকত মিলিত হ’ব আৰু ৰাষ্ট্ৰপতি জেলেনস্কি উপস্থিত থাকিব।
এই মিত্ৰজোঁট চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স আৰু ব্ৰিটেইনে গঠন কৰিছিল। তাৰ পিছৰে পৰা ইউক্ৰেইনক সামৰিক সাহায্যৰ কৌশল নিৰ্ধাৰণ কৰা আৰু সম্ভাৱ্য যুদ্ধবিৰতিৰ পিছত ৰাছিয়াই পুনৰ আক্ৰমণ নকৰাৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ লক্ষ্যৰে কেইবাটাও ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হয়।
ইফালে, ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ২০ অক্টোবৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে শেহতীয়াকৈ হোৱা বৈঠকক সফল বুলি অভিহিত কৰে। এই বৈঠকৰ ফলত নতুন বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ যোগানৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰা বুলিও তেওঁ কয়। অৱশ্যে একাংশ সংবাদ মাধ্যমত দাবী কৰা হৈছে যে ট্ৰাম্পে হোৱাইট হাউছত জেলেনস্কিৰ প্ৰতি গালি-গালাজ কৰা ভাষা ব্যৱহাৰ কৰিছিল।
বিশ্লেষকসকলৰ মতে, লণ্ডনৰ বৈঠকত নতুন অস্ত্ৰ সহযোগিতা, বিমান প্ৰতিৰক্ষা, আৰু যুদ্ধৰ পিছৰ নিৰাপত্তাৰ কাঠামোৰ ওপৰত গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে। ইউক্ৰেইনে পশ্চিমীয়া দেশসমূহৰ পৰা প্ৰতিৰক্ষা সমৰ্থন বজাই ৰাখিবলৈ আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক প্ৰচেষ্টা তীব্ৰতৰ কৰাৰ সময়তে এই বৈঠক অনুষ্ঠিত হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
