
ধুবুৰী, ২১ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱা কালি সোমবাৰে নিশা পুনৰ ভয়ংকৰ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ৰাণীগঞ্জৰ সোণালুগুৰী গাঁৱত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
প্ৰাপ্ত তথ্য়মতে, গাওঁ খনৰ ৰাজেন চৌহান, ৰাজুন চৌহান, জিতেন চৌহান আৰু বিষৰ চৌহান নামৰ লোক কেইজনৰ বাসগৃহত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দীপাৱলী উপলক্ষে ফটকা ফুটাই আনন্দ উল্লাস কৰি থকাৰ সময়তে ফটকাৰ ফিৰিঙতিৰ পৰা জুই লাগি একেটা পৰিয়ালৰ চাৰিটা বাসগৃহত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত ১৫ লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত ভস্মীভূত হয় বুলি জানিব পৰা গৈছে। ঘটনা স্থলীত ততালিকে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়। ইয়াৰ ফলত গাওঁৰ খনৰ ওচৰে পাজৰে থকা বাসগৃহসমূহ জুয়ে আগুৰি ধৰাৰ পৰা ৰক্ষা পৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
