• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > পাকিস্তানী নেতৃত্বৰ হিন্দু সমাজলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন
International

পাকিস্তানী নেতৃত্বৰ হিন্দু সমাজলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন

CliQ INDIA
Last updated: October 21, 2025 2:20 am
CliQ INDIA
Share
2 Min Read
SHARE
4e075844d2e00e4c800c8c62716bed8c_1879640593.jpg

ইছলামাবাদ, ২০ অক্টোবৰ (হি স)। পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰী, প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফকে ধৰি অন্যান্য নেতাই আজি পাকিস্তানৰ হিন্দু সমাজলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে। অভিনন্দন বাৰ্তাত ৰাষ্ট্ৰপতিয়ে সংখ্যালঘুৰ অধিকাৰৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে।

ৰেডিঅ’ পাকিস্তানৰ উদ্ধৃতিৰে ড’ন কাকতখনে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ কথা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি জৰ্দাৰীয়ে কয় যে দীপাৱলীৰ উৎসৱে আমাক আন্ধাৰৰ ওপৰত পোহৰ আৰু বেয়াৰ ওপৰত ভালৰ জয়ৰ কথা মনত পেলাই দিয়ে। তেওঁ কয় যে সংবিধানে সকলো নাগৰিককে সম অধিকাৰ আৰু ধৰ্মীয় স্বাধীনতা নিশ্চিত কৰিছে। জৰ্দাৰীয়ে শিক্ষা, বাণিজ্য, জনসেৱাৰ ক্ষেত্ৰতো হিন্দু সমাজৰ সেৱাৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী শ্বাহবাজে পাকিস্তানৰ লগতে সমগ্ৰ বিশ্বৰ হিন্দু সমাজলৈ দীপাৱলী শুভেচ্ছা জ্ঞাপন কৰে। ইনষ্টাগ্ৰামত এটা পোষ্টত তেওঁ কয়, “এই উৎসৱে অন্ধকাৰ দূৰ কৰক, সমন্বয়ক প্ৰসাৰিত কৰক, আৰু আমাক সকলোকে শান্তি, মমতা আৰু সমূহীয়া সমৃদ্ধিৰ ভৱিষ্যতলৈ লৈ যাওক।” তেওঁ কয় যে দীপাৱলীৰ আত্মাই আন্ধাৰৰ ওপৰত পোহৰ, বেয়াৰ ওপৰত ভাল, আৰু হতাশাৰ ওপৰত আশাৰ প্ৰতীক। অসহিষ্ণুতাৰ পৰা বৈষম্যলৈকে সমাজৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ বাবে দীপাৱালীয়ে এক সামূহিক সংকল্পৰ প্ৰেৰণা যোগায়।

পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলোৱাল ভুট্টো জৰ্দাৰীয়েও দীপাৱলীক পোহৰ, আশা, আৰু নবীকৰণৰ উৎসৱ বুলি অভিহিত কৰি বিশ্বৰ হিন্দু সমাজ আৰু বিশ্বৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। বিলোৱাল হাউছ মিডিয়া চেলে জাৰি কৰা এক বিবৃতিত বিলোৱালে কয় যে দীপাৱালীয়ে আমাক সোঁৱৰাই দিয়ে যে আন্ধাৰৰ ওপৰত পোহৰ সদায় জয়ী হয়, আৰু ঘৃণা আৰু বৈষম্যৰ ওপৰত সত্য, শান্তি, প্ৰেমে জয়লাভ কৰে।

তেওঁ পুনৰ কয় যে তেওঁৰ মাতৃ বেনজিৰ ভুট্টো আৰু জুলফিকাৰ আলী ভুট্টোৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি পিপিপিয়ে এখন প্ৰগতিশীল আৰু সৰ্বাংগীন পাকিস্তান গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, য’ত সকলো ধৰ্মই সন্মান আৰু সম্প্ৰীতিৰে সহাৱস্থান কৰে। পাকিস্তানৰ সাংস্কৃতিক আৰু ৰাষ্ট্ৰীয় জীৱনলৈ হিন্দু সম্প্ৰদায়ৰ অমূল্য অৱদানক বিলোৱালে প্ৰশংসা কৰে। সিন্ধৰ ৰাজ্যপাল কামৰাণ তেছুৰী আৰু মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহেও হিন্দু সমাজলৈ শুভেচ্ছা জ্ঞাপন কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

প্ৰকাশ পোৱা হামাছৰ পণবন্দীসকলৰ নতুন তালিকাত নেপালৰ বিপিন যোশীৰ নামো অন্তৰ্ভুক্ত
ইজৰাইলৰ য়েমেনৰ ছনা বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত হুতীৰ শেষ বিমানখন ধ্বংস | BulletsIn
ট্ৰাম্পৰ ব্ৰাজিলৰ ওপৰত ৫০ টা শুল্ক আৰোপ, লুলাই অৰ্থনীতি চম্ভালিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন
ভাৰতৰ মুখ্য ন্যায়াধীশ গাভাইৰ ভগৱান বুদ্ধৰ জন্মস্থান লুম্বিনি ভ্ৰমণ
পাকিস্তানৰ খৈবাৰ পখতুনখোৱাত ধৰাশায়ী ১১ সন্ত্ৰাসবাদী | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শ্বেয়াৰ বজাৰৰ উৰ্ধমুখী ধাৰা অব্যাহত, একেৰাহে চতুৰ্থ দিনৰ বাবে লাভৰ সৈতে বন্ধ
Next Article (আপডেট) আইএনএছ বিক্ৰান্তত নৌসেনাৰ জোৱানৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ দীপাৱলী উদযাপন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?