গোলাঘাট, ২০ অক্টোবৰ (হি.স.)। গ্ৰামাঞ্চলত ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণৰ বাবে গোলাঘাট জিলাৰ খুমটাইত বৃহৎ আয়োজন কৰা হৈছে । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত অনুষ্ঠিত হ’ব খুমটাই ক্ৰীড়া উৎসৱ । অহা ২৫ আৰু ২৬ অক্টোবৰ তাৰিখে খুমটাই নৰাগাঁৱত নৱনির্মিত ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই ক্ৰীড়া উৎসৱ।
এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই । বিধায়কগৰাকীয়ে জানিবলৈ দিয়া মতে সাঁতোৰ, বেডমিণ্টন, শ্বুটিং, মহিলা ফুটবল, পেনাল্টি শ্বট আৰু ডবা খেল অনুষ্ঠিত হ’ব এই ক্ৰীড়া উৎসৱত । ইতিমধ্য়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে এই ক্ৰীড়া উৎসৱত অংশগ্ৰহণ কৰিবলৈ পঞ্জীয়ন কৰিছে। সকলো স্তৰৰ খেলুৱৈয়ে অংশ ল’ব পাৰিব প্ৰতিযোগিতা খনত। গ্ৰামাঞ্চলত ক্ৰীড়াৰ এক সুস্থ বাতাবৰণ গঢ়ি তোলাৰ বাবে লোৱা উদ্যোগলৈ সকলোৰে সহযোগিতা বিচাৰিছে বিধায়ক মৃণাল শইকীয়াই।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
