নতুন দিল্লী, ২০ অক্টোবৰ (হি.স.)। ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হোৱা মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ লীগ মেচত ইংলেণ্ডৰ বিৰুদ্ধে ৪ ৰানৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰত। এই পৰাজয়ৰ পিছতে ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে উপ-অধিনায়ক স্মৃতি মান্ধানাৰ উইকেট মেচখনৰ টাৰ্নিং পইণ্ট বুলি কয়।
ভাৰতীয় দলটোৱে ২৮৯ ৰানৰ লক্ষ্য খেদি খেদি আৰম্ভণিতে দুটা বিপৰ্যয়ৰ সন্মুখীন হৈছিল যদিও স্মৃতি মান্ধনা আৰু হৰমনপ্ৰীত কৌৰৰ মাজত ১২৫ ৰানৰ অংশীদাৰিত্বই ইনিংছটো স্থিৰ কৰি তুলিছিল। ৩১ নং অভাৰত হৰমনপ্ৰীতে ৭০ ৰান কৰি আউট হোৱাৰ বিপৰীতে ৪২ নং অভাৰত ৮৮ ৰান সংগ্ৰহ কৰি পুনৰ পেভিলিয়নলৈ উভতি আহে স্মৃতি। স্মৃতিৰ আউটৰ পিছত দলটোৱে থৰক-বৰক হৈ পৰে আৰু অন্তিম অভাৰত জয়ৰ পৰা সংকীৰ্ণভাৱে বঞ্চিত হয়।
মেচৰ অন্তত হৰমনপ্ৰীতে কয়, স্মৃতিৰ উইকেট আমাৰ বাবে এটা টাৰ্নিং পইণ্ট আছিল। আমাৰ হাতত বেটছমেন আছিল, কিন্তু কেনেবাকৈ মেচখন আমাৰ হাতৰ পৰা পিছলি গ’ল। হাৰ নমনা আৰু ধাৰাবাহিকভাৱে উইকেট লোৱাৰ বাবে ইংলেণ্ডৰ কৃতিত্বৰ যোগ্য। যেতিয়া আপুনি ইমান কষ্ট কৰিছে আৰু শেষৰ ৫-৬ অভাৰ আপোনাৰ মতে নহয়, তেতিয়া ই অতি বেদনাদায়ক।
এই পৰাজয়ৰ লগে লগে ভাৰতৰ ছেমি ফাইনেলৰ পথ কঠিন হৈ পৰিছে। দলটোৱে একেৰাহে তৃতীয়বাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হৈছে।
অধিনায়কগৰাকীয়ে আৰু কয়, আমি ভাল ক্ৰিকেট খেলিছো, হাৰ নামানিছো, কিন্তু এতিয়া আমি লাইন পাৰ হ’ব লাগিব। আমি যোৱা তিনিখন মেচত ভাল প্ৰদৰ্শন কৰিছিলো যদিও জয়ী হ’ব পৰা নাছিলো। আমাৰ বলাৰসকলেও ডাঙৰ কাম কৰিছিল, বিশেষকৈ যেতিয়া হিদাৰ নাইটে বেটিং কৰি আছিল। আমি পুনৰ বিবেচনা কৰিব লাগিব যে যোৱা পাঁচ অভাৰত কি ভুল হৈছিল।
এতিয়া ২৩ অক্টোবৰত নৱী মুম্বাইত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে খেলিব। এই মেচখন দলটোৰ বাবে হ’ব ডু অৰ ডাই খেল। যদিহে ভাৰত নিউজিলেণ্ডৰ হাতত পৰাস্ত হয়, তেন্তে যিকোনো মূল্যতে বাংলাদেশৰ বিৰুদ্ধে লীগৰ অন্তিমখন খেলত জয়ী হ’ব লাগিব, আৰু আন মেচসমূহৰ ফলাফলৰ ওপৰত আশা নিৰ্ভৰ কৰিব।
মহিলাৰ এদিনীয়া বিশ্বকাপ ২০২৫:
ভাৰত বনাম ইংলেণ্ড — ইংলেণ্ডে ৪ ৰানত জয়লাভ কৰে
স্মৃতি মান্ধনাঃ ৮৮ ৰান
হৰমনপ্ৰীত কৌৰঃ ৭০ ৰান
ভাৰতৰ পৰৱৰ্তী খেলঃ ২৩ অক্টোবৰ, নিউজিলেণ্ডৰ বিৰুদ্ধে (নৱী মুম্বাই)
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
