ৱাৰ ২ৰ বিফলতাৰ পিছত পৰিচালক অয়ন মুখাৰ্জীয়ে তেওঁৰ পৰৱৰ্তী বৃহৎ ছবি ধূম ৪ পৰিচালনাৰ পৰা পদত্যাগ কৰিছে। খবৰ অনুসৰি প্ৰযোজক আদিত্য চোপ্ৰাৰ সৈতে হোৱা ব্যক্তিগত বৈঠকত অয়নে এই প্ৰকল্প সন্দৰ্ভত নিজৰ সংশয় প্ৰকাশ কৰে। তেওঁৰ মতে ৱাৰ ২ আৰু ধূম ৪ৰ দৰে হাই অক্টেন একচন ছবি তেওঁৰ চলচ্চিত্ৰ নিৰ্মাণ শৈলীৰ লগত খাপ নাখায়, আৰু ভৱিষ্যতে তেওঁ ৰোমাঞ্চ আৰু নাটকৰ দৰে আৱেগিক কাহিনীৰ ওপৰত অধিক গুৰুত্ব দিব বিচাৰে।
সূত্ৰ অনুসৰি অয়ন মুখাৰ্জীয়ে কেৱল শ্ৰীধৰ ৰাঘৱনে লিখা চিত্ৰনাট্যৰ কাম কৰি আছিল যদিও কাহিনী আৰু চিত্ৰনাট্যত বিশেষ প্ৰভাৱ পৰা নাছিল। প্ৰতিবেদনত কোৱা হৈছে যে, অয়ন কোনো চলচ্চিত্ৰ নিৰ্মাতা নহয় যিয়ে কেৱল লিখিত চিত্ৰনাট্যক পৰ্দাৰ লগত খাপ খুৱাই লয়। তেওঁ এজন আবেগিক পৰিচালক যিয়ে লিখিত কাহিনীৰ বাহিৰলৈ গৈ নিজৰ দৃষ্টিভংগীৰে জীৱন্ত কৰি তুলিবলৈ ভাল পায়। এই কাৰণেই তেওঁ ধূম ৪ৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লয়।
আদিত্য চোপ্ৰা আৰু ৰণবীৰ কাপুৰৰ সৈতে আলোচনাৰ অন্তত অয়নৰ এই সিদ্ধান্ত। দুয়োজনে অয়নৰ দৃষ্টিভংগী বুজি পাইছিল আৰু তেওঁৰ সিদ্ধান্তক সমৰ্থন কৰিছিল। অয়নে এতিয়া সম্পূৰ্ণৰূপে নিজৰ সপোনৰ প্ৰকল্প ব্ৰহ্মষ্ট্ৰ ২ৰ প্ৰস্তুতিত নিয়োজিত হৈছে। ছবিখনৰ চিত্ৰনাট্য সম্পূৰ্ণ হৈছে, আৰু ২০২৬ চনৰ পৰা শ্বুটিং আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইফালে আদিত্য চোপ্ৰাই এতিয়া ধূম ৪ৰ নতুন পৰিচালকৰ সন্ধানত আছে, যিয়ে এই ব্লকবাষ্টাৰ ফ্ৰেঞ্চাইজিটোক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
