গুৱাহাটী, ১৯ অক্টোবৰ (হি.স.)। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি পূজা আৰু দীপাৱলীৰ শুভ ক্ষণ উপলক্ষে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সকলোকে এই উৎসৱসমূহ পৰিৱেশ দায়বদ্ধতাৰে উদযাপন কৰিবলৈ আহ্বান জনায়।
ৰাজ্যপালগৰাকীয়ে তেওঁৰ বাৰ্তাত উল্লেখ কৰে যে কালী পূজা ভয় আৰু অন্ধকাৰ দূৰ কৰিবলৈ অন্তৰ্নিহিত শক্তিৰ জাগৰণৰ প্ৰতীক। ঐক্য, মমতা, সমন্বয়ৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ তেওঁ আহ্বান জনায়।
তেওঁ কয়, আমি সত্য, আশা আৰু পোহৰৰ বিজয় দীপাৱলী উদযাপন কৰো। এই উৎসৱে আমাক সোঁৱৰাই দিয়ে যে ধৰ্ম আৰু জ্ঞানৰ পোহৰ আমাৰ সকলোৰে ভিতৰত আছে। ৰাজ্যপালগৰাকীয়ে কয় যে এই উৎসৱে আমাক সমাজত সংহতি আৰু সম্প্ৰীতি গভীৰ কৰাৰ বাবে অনুপ্ৰাণিত কৰে।
এই উপলক্ষে ৰাজ্যপাল আচাৰ্যই পৰিৱেশ সচেতনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শব্দ আৰু বায়ু প্ৰদূষণ হ্ৰাস কৰি প্ৰাকৃতিক সম্পদসমূহ সুৰক্ষিত কৰিবলৈ আহ্বান জনায়।
তেওঁ কয়, প্ৰকৃত দীপাৱলী হ’ল এনে দীপাৱলী যিয়ে কেৱল আমাৰ ঘৰখনেই নহয়, আমাৰ চৌপাশৰ জগতখনকো আলোকিত কৰে। আহক আমি এই উৎসৱ এনেদৰে উদযাপন কৰোঁ যাতে কেৱল পৰম্পৰা ৰক্ষা কৰাই নহয়, ভৱিষ্যত প্ৰজন্মৰ প্ৰতি আমাৰ দায়িত্বও পালন কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
