আকৌ এবাৰ ডাঙৰ পৰ্দাত জোকাৰিবলৈ সাজু হৈছে ছানী দেওল। তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল জাত ছবিখনত, যিখন ছবিয়ে দৰ্শকৰ সমাদৰ লাভ কৰিছিল আৰু বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল। এতিয়া ছানী দেউলৰ ছবিৰ দীঘলীয়া লাইন আপ শাৰী পাতিছে। বৰ্ডাৰ ২ৰ জৰিয়তে তেওঁ শক্তিশালী কামবেক কৰাৰ সময়তে দীপাৱলী আৰু জন্মদিনৰ বিশেষ উপলক্ষে তেওঁৰ নতুন ছবি গৰবুুৰ কথাও ঘোষণা কৰিছে।
ছানীয়ে ছ’চিয়েল মিডিয়াত ছবিখনৰ মোচন পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছে, শক্তি আপুনি যি দেখুৱাইছে সেয়া নহয়; শক্তি হৈছে আপুনি যি কৰে। আপোনাৰ সকলো মৰম আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ। ইয়াত আপুনি অপেক্ষা কৰি থকা কিবা এটা আছে। ২০২৬ চনৰ ১৩ মাৰ্চত ছবিগৃহত মুক্তি পাব ‘গৰবু’। ই মোৰ হৃদয়ৰ পৰা… পৃথিৱীলৈ সাহস, প্ৰজ্ঞা, আৰু মমতাৰ কাহিনী। ছানীৰ এই পোষ্টটোৱে তেওঁৰ অনুৰাগীৰ মাজত প্ৰচণ্ড উত্তেজনাৰ সৃষ্টি কৰিছিল।
বৰ্তমান প্ৰীতি জিন্টা অভিনীত লাহোৰ ১৯৪৭ৰ শ্বুটিঙত ব্যস্ত ছানি দেওল। দিলজিৎ দোসাঞ্জ, আহন শেট্টী, বৰুণ ধাৱনে অভিনয় কৰা তেওঁৰ বহু প্ৰত্যাশিত ছবি বৰ্ডাৰ ২ও মুক্তি পাবলৈ সাজু হৈছে। অনিল শৰ্মাইও ছানীৰ সৈতে পুনৰ মিলিত হ’ব, আৰু দুয়োজনে কেৱল “গদৰ ৩”তে নহয়, এখন নতুন একচন ছবি “ক’ল কিং”ৰ কামো কৰি আছে। ইয়াৰ উপৰিও অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব ছানী দেওলে, য’ত তেওঁ অভিনেতা অক্ষয় খান্নাৰ সৈতে অভিনয় কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
