গুৱাহাটী, ১৯ অক্টোবৰ (হি.স.)। ভাৰতীয় যুৱ বেডমিণ্টন খেলুৱৈ তনভি শৰ্মাই বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ ২০২৫ৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছে । চূড়ান্ত খেলখনত থাইলেণ্ডৰ দ্বিতীয় বাচনিৰ খেলুৱৈ অন্যাপত ফিচিটপ্ৰিচাছাকে তনভীক পোনপটীয়া খেলত ১৫-৭, ১৫-২ ব্যৱধানত পৰাজিত কৰে।
ইয়াৰ পূৰ্বে ২০২৩ চনৰ এছিয়ান ১৭ বছৰ অনুৰ্ধ জুনিয়ৰ চেম্পিয়নশ্বিপত ফিচিটপ্ৰিচাছাকক পৰাস্ত কৰিছিল তনভিয়ে যদিও এইবাৰ থাইলেণ্ডৰ খেলুৱৈগৰাকীয়ে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই খিতাপ দখল কৰে।
এতিয়া বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা পঞ্চম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে তনৱী শৰ্মা। ইয়াৰ পূৰ্বে অপৰ্ণা পোপাট (১৯৯৬), ছাইনা নেহৱাল (২০০৬), চাইৰিল বৰ্মা (২০১৫), আৰু শংকৰ মুথুছামীয়ে (২০২২) এই কৃতিত্ব অৰ্জন কৰিছিল।
মন কৰিবলগীয়া যে এই প্ৰতিযোগিতাত এতিয়ালৈকে ভাৰতে লাভ কৰা একমাত্ৰ স্বৰ্ণ পদক ২০০৮ চনত ছাইনা নেহৱালে লাভ কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
