কাবুল, ১৮ অক্টোবৰ (হি.স.)। আফগানিস্তানে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে দেশখনৰ পাক্তিকা প্ৰদেশত সংঘটিত আক্ৰমণৰ সময়ত তিনিজন আফগান ক্ৰিকেটাৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে । অহা মাহত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া ত্ৰিকোণীয় শৃংখলাৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিছে আফগানিস্তানে। আফগান ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰা অনুসৰি পাকিস্তানী সেনাৰ আক্ৰমণত কবিৰ, ছিবঘাতুল্লাহ, হাৰুণ নামৰ তিনিজন খেলুৱৈকে ধৰি পাঁচজন লোক নিহত হোৱাৰ লগতে ৭জন লোক আহত হয়।
দ্য বেলুচিস্তান পোষ্ট (পাষ্টো ভাষা)ত প্ৰকাশিত এক বাতৰি অনুসৰি তিনিজন আফগান ক্ৰিকেটাৰৰ মৃত্যুত সমগ্ৰ দেশতে শোক আৰু ক্ষোভৰ সৃষ্টি হৈছে। আফগান ক্ৰিকেট ব’ৰ্ডৰ বিবৃতিত কয় যে পাকিস্তানৰ আক্ৰমণত লক্ষ্য কৰি লোৱা পাক্তিকা প্ৰদেশৰ আৰ্গুন জিলাৰ সাহসী ক্ৰিকেটাৰসকলৰ কৰুণ মৃত্যুত আফগান ক্ৰিকেট ব’ৰ্ডে গভীৰ দুখ আৰু শোক প্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি পাকিস্তান চৰকাৰ বা ইয়াৰ সেনাই এই সন্দৰ্ভত এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই।
ব’ৰ্ডৰ দাবী যে কবিৰ, ছিবগাতুল্লাহ, হাৰুণ নামৰ তিনিজন খেলুৱৈকে ধৰি পাঁচজন লোক নিহত হোৱাৰ লগতে আন ৭জন আহত হৈছে। পাক্তিকা প্ৰদেশৰ ৰাজধানী শৰণাত প্ৰীতি ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিবলৈ যোৱা খেলুৱৈকেইজনে উভতি অহাৰ লগে লগে আৰ্গনত লক্ষ্য কৰি লোৱা বুলিও ব’ৰ্ডে জানিবলৈ দিয়ে। আফগানিস্তানে অহা মাহত নৱেম্বৰ মাহত পাকিস্তানলৈ গৈ ত্ৰিকোণীয় টি-২০ শৃংখলাত অংশগ্ৰহণ কৰাৰ কথা আছিল। আয়োজক পাকিস্তানৰ উপৰিও শ্ৰীলংকাৰ ক্ৰিকেট দলেও এই শৃংখলাত অংশগ্ৰহণ কৰাৰ কথা আছিল। আফগানিস্তানৰ অধিনায়ক ৰছিদ খান আৰু প্ৰাক্তন অধিনায়ক মহম্মদ নবীৰ লগতে অন্যান্য খেলুৱৈয়ে এই আক্ৰমণক গৰিহণা দিয়ে।
গালফ নিউজৰ মতে, আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে এই আক্ৰমণক “কাপুৰুষ আৰু অমানৱীয়” বুলি অভিহিত কৰিছে। অহা ৫ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ লাহোৰ আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’বলগীয়া এই শৃংখলা “ভুক্তভোগীৰ প্ৰতি সন্মান” আৰু শোকত ভাগি পৰা পৰিয়ালসমূহৰ সৈতে সংহতিৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি কয়। ইফালে, খামা প্ৰেছে (কাটাৰৰ সংবাদ সংস্থা) প্ৰকাশ কৰা অনুসৰি সীমান্তৰ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে আজি পুৱাই তালিবানৰ প্ৰতিৰক্ষা মন্ত্ৰী মোল্লা ইয়াকুব মুজাহিদ আৰু চোৰাংচোৱা বিভাগৰ মুৰব্বী মোল্লা আব্দুল হক ৱাছিকে পাকিস্তানী বিষয়াৰ সৈতে শান্তি আলোচনাৰ বাবে ডোহাত উপস্থিত হয়।
তালিবান নিয়ন্ত্ৰিত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে শনিবাৰে প্ৰকাশ কৰা অনুসৰি চুবুৰীয়া দেশ দুখনৰ মাজত সীমান্তৰ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে পাকিস্তানী বিষয়াৰ সৈতে আলোচনাৰ বাবে দুজন জ্যেষ্ঠ তালিবান নেতাই কাটাৰলৈ যাত্ৰা কৰিছে। ইছলামবাদে তালিবানে তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) উগ্ৰপন্থীক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰাৰ সময়তে এই ভ্ৰমণ। পাক্তিকা প্ৰদেশত পাকিস্তানে বাৰে বাৰে কৰা বিমান আক্ৰমণক গৰিহণা দিছে কাবুলে।
দোহাৰ কূটনৈতিক সূত্ৰই জনোৱা মতে, পৰিৱৰ্তিত পৰিস্থিতিত যদি বৈঠকসমূহ অনুষ্ঠিত হয় তেন্তে সীমান্ত যোগাযোগ স্থাপন আৰু ডুৰাণ্ড লাইনৰ কাষত সশস্ত্ৰ সংঘাত হ্ৰাস কৰাত গুৰুত্ব দিব। ইফালে, ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহে সকীয়াই দিছে যে এই যুদ্ধত আফগানিস্তানত অসামৰিক লোকৰ যথেষ্ট ক্ষতি হৈছে। পাক্তিকাত হাফিজ গুল বাহাদুৰৰ ঘাটিক লক্ষ্য কৰি নিশাৰ ভিতৰতে পাকিস্তানে চলোৱা বিমান আক্ৰমণত কেইবাজনো আফগান ক্ৰিকেটাৰ নিহত হোৱা বুলি জানিব পৰা গৈছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
