শোণিতপুৰ, ১৫ অক্টোবৰ (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ অন্তৰ্গত পৰুৱা চাৰিআলিত আজি ৰাতিপুৱাই এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।
জানিব পৰা মতে আজি পুৱা তেজপুৰ পৰুৱাৰ বীৰেণ দাসৰ চাহ দোকানত শ্ৰমিক হিচাপে থকা বোবা মহিলা গৰাকীক গোটলং গাঁৱৰ নবী হুছেইনৰ পুত্ৰ আবেদ আলীয়ে এখন চোকা কুঠাৰেৰে ডিঙি দুছেও কৰি অতি নৃশংস ভাৱে হত্যা কৰে।
উল্লেখযোগ্য যে বীৰেণ দাসৰ চাহ দোকানৰ পিছফালে মহিলা গৰাকীক আবেদ আলীয়ে আক্ৰমণ কৰি থকা দৃশ্য কাষৰে গীতা মন্দিৰত পূজাৰী হিচাপে থকা পুনিৰাম দাসে প্ৰত্যক্ষ কৰি চাহ দোকানৰ মালিক বীৰেণ দাসক খবৰ দিয়াৰ লগে লগে বীৰেণ দাসে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰীক গৱা মাৰি ধৰি আৱদ্ধ কৰিবলৈ সক্ষম হয়।
ঘটনা সন্দৰ্ভত বীৰেণ দাসে তাৎক্ষণিক ভাৱে মহাভৈৰৱ আৰক্ষী চকীত অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী আৱেদ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
