গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। দেশীয় শিক্ষা পদ্ধতি আৰু মূল্যবোধ আধাৰিত শিক্ষাৰে সংপৃক্ত আৰু আঠ দশকতকৈও অধিক অভিজ্ঞতাৰে পুষ্ট বিদ্যা ভাৰতীৰ নীতি আদৰ্শেৰে অসমত পৰিচালিত হৈ থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে পৰিচালিত বিদ্যা নিকেতনসমূহে গত অৰ্ধ শতিকা ধৰি বিদ্যালয়সমূহৰ জয়যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে আৰু নৱ প্ৰজন্মক ভাৰতীয় জ্ঞান পৰম্পৰাৰে পৰিচিত কৰাৰ লগতে দেশাত্মবোধ যুক্ত উচ্চ শিক্ষা প্ৰদানৰ অৰ্থে গত ২০২২ বৰ্ষত স্থাপিত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়খনে চাৰিটা বছৰত ভৰি দিছে। এই উপলক্ষে অহা ১৭ অক্টোবৰ ২০২৫ তাৰিখে পুৱা ১০:৩০ বজাত গুৱাহাটীৰ চন্দ্ৰপুৰ হাজংবৰীস্থিত বিশ্ববিদ্যালয় চৌহদত শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যন (এছ.ই.আৰ.এফ.)ৰ সহযোগত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব।
প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি অনুষ্ঠানৰ উদ্বোধন কৰিব। অনুষ্ঠানটোত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে উপস্থিত থাকিব অসম চৰকাৰৰ মাননীয় শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকাৰিণী সদস্য সুৰেশ সোনী।
আজি গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি এছ.ই.আৰ.এফ.ৰ সভাপতি লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতা আৰু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ স্মৃতি কুমাৰ সিংহই অনুষ্ঠানটোৰ বিষয়ে বিতংভাৱে অৱগত কৰে। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ তোৰণ দ্বাৰ, নৱ নিৰ্মিত আটকধুনীয়া তথা সকলো অত্যাধুনিক সা-সুবিধাযুক্ত একেলগে কেইবাখনো সভা অনুষ্ঠিত কৰিব পৰা এক বিশাল মহাবাহু ভৱন আৰু চিকিৎসা বিজ্ঞান বিভাগৰ বাবে নিৰ্মিত ভৱনৰো উদ্বোধন কৰা হ’ব।
আনহাতে ১৮ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে “উচ্চ শিক্ষাত উৎকর্ষতা আৰু উদ্ভাৱন দিশে” (Towards Excellence and Innovation in Higher Education) শীৰ্ষকেৰে পূৰ্বোত্তৰ শিক্ষা সন্মিলন ২০২৫ অনুষ্ঠিত হ’ব। এই সন্মিলনে শিক্ষা ক্ষেত্ৰৰ নীতি-নির্মাতা, বিশেষজ্ঞ আৰু নেতাসকলৰ মাজত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত গঠনমূলক চিন্তাধাৰা, সহযোগিতা আৰু জ্ঞান-বিনিময়ৰ এক মঞ্চ সৃষ্টি কৰিব। এই সন্মিলনত দেশৰ বিভিন্ন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে আদি কৰি তথা উচ্চ শিক্ষানুষ্ঠানৰ অৰ্ধ শতাধিক পণ্ডিত-গৱেষকে অংশ গ্ৰহণ কৰিব।
উল্লেখযোগ্য যে, সামৰণি অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য; সন্মানীয় অতিথি হিচাপে ত্ৰিপুৰা চৰকাৰৰ উচ্চ শিক্ষা মন্ত্ৰী কিশোৰ বৰ্মন আৰু বিশিষ্ট বক্তা হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ কাৰ্যনিৰ্বাহক সদস্য সুৰেশ ছোনী উপস্থিত থাকিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ
