চৰাইদেউ, ১৩ অক্টোবৰ (হি.স.): চৰাইদেউ জিলাৰ বৰহাট সাপেখাটি ৰে’ল ষ্টেছনৰ মাজৰ নাৰায়ন পথাৰ গাঁৱত যোৱা কালি দেওবাৰে নিশা ৰে’লৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয় । নিহত যুৱক জনক বৰহাট পশ্চিম নলবৰীয়া গাওঁ খনৰ ৰাজু হেমৰম বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে যুৱক জনে বজাৰলৈ ওলাই অহাৰ পাছত নিশা ঘৰলৈ ঘুৰি নহাত পৰিয়ালৰ লোকে বিচাৰ কোচাৰ কৰি থকা সময়তে আজি পুৱা ৰে’ল পথৰ দাঁতিত যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
ৰে’লৰ খুন্দাত যুৱক জনৰ মুখমণ্ডলত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হোৱাৰ চিন স্পষ্ট হৈ আছে। পুৱা স্থানীয় ৰাইজে ৰে’ল আৰক্ষীক খৱৰ দিয়াত ভজো ৰে’ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰাইদেউ জিলা চিকিৎসালয় লৈ মৃতদেহটো প্ৰেৰণ কৰে। যুৱক জনৰ মৃত্যুত গাওঁ খনত শোকৰ ছাঁ পেলায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
