
ভুৱনেশ্বৰ, ১৩ অক্টোবৰ (হি.স.)। অধ্যক্ষ শোভানা মহান্তিৰ নেতৃত্বত ওড়িশা ৰাজ্যিক মহিলা আয়োগৰ তিনিজনীয়া এটা দল পশ্চিম বংগৰ দুৰ্গাপুৰলৈ ৰাওনা হৈছে। বালাসোৰ জিলাৰ এগৰাকী ওড়িয়া এম বি বি এছৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ তদন্তৰ অগ্ৰগতি আৰু ভুক্তভোগীক কিদৰে চিকিৎসা প্ৰদান কৰা হৈছে তাৰ বুজ ল’ব এই দলটোৱে।
জলেশ্বৰৰ বাসিন্দা ছাত্ৰী গৰাকীয়ে চিকিৎসা বিজ্ঞানৰ দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছে। যোৱা শুকুৰবাৰে পশ্চিম বৰ্ধমান জিলাৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ সমীপত সংঘটিত হয় এই ঘটনা। শোভানা মহান্তিয়ে কয় যে দলটোৰ প্ৰধান উদ্দেশ্য হৈছে ভুক্তভোগীয়ে যাতে উপযুক্ত চিকিৎসা সেৱা আৰু মানসিক সহায় লাভ কৰে। তেখেতে কয় যে, “আমি প্ৰথমে দুৰ্গাপুৰ চিকিৎসালয়খনলৈ যাম য’ত ভুক্তভোগী মহিলাগৰাকীয়ে চিকিৎসাধীন হৈ আছে, তেওঁৰ অৱস্থা পৰ্যালোচনা কৰি নিশ্চিত হ’ম যে পশ্চিম বংগ চৰকাৰে তেওঁক অগ্ৰাধিকাৰ স্বাস্থ্যসেৱা প্ৰদান কৰিছে, যিদৰে এনে ক্ষেত্ৰত ওড়িশা চৰকাৰে কৰে।”
মহিলা আয়োগৰ দলটোৱে দুৰ্গাপুৰ আৰক্ষী আৰু স্থানীয় প্ৰশাসনিক বিষয়াৰ সৈতেও বৈঠকত মিলিত হ’ব। মহান্তিয়ে উল্লেখ কৰে যে তেওঁলোকে আৰক্ষী আৰু জিলা প্ৰশাসনৰ সৈতে সাক্ষাৎ কৰি তদন্তৰ অগ্ৰগতি পুনৰীক্ষণ কৰিব আৰু গোচৰটো ক্ষিপ্ৰতাৰে আদালতত দাখিল কৰাৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি চাব।
তেওঁ লগতে কয় যে ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ বাবে ওড়িশা মহিলা আয়োগে পশ্চিম বংগ কৰ্তৃপক্ষৰ সৈতে সমন্বয় সাধন কৰিব। লগতে সঞ্চালক প্ৰধানৰ সৈতে কথা পাতি ভুক্তভোগীৰ সম্পূৰ্ণ আৰোগ্য আৰু পুৰ্বৰ অৱস্থালৈ ঘূৰি অহাৰ দিশত সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
