• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ ২৪৮ ৰানত সীমাবদ্ধ, ভাৰতৰ ফ’ল’ অনৰ সিদ্ধান্ত
Sports

ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ ২৪৮ ৰানত সীমাবদ্ধ, ভাৰতৰ ফ’ল’ অনৰ সিদ্ধান্ত

CliQ INDIA
Last updated: October 12, 2025 2:55 pm
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ১২ অক্টোবৰ (হি.স.)। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দুখন খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে । আজি দেওবাৰে অৰ্থাৎ মেচখনৰ তৃতীয় দিনা ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ ২৪৮ ৰানত সীমাবদ্ধ হৈ পৰে। ইয়াৰ পূৰ্বে ভাৰতে ৫ উইকেটত ৫১৮ ৰানত প্ৰথম ইনিংছ ঘোষণা কৰিছিল । ফলস্বৰূপে আলহী দলটো এতিয়াও ভাৰতৰ পৰা ২৭০ ৰান পিছ পৰি আছে। ৱেষ্ট ইণ্ডিজে ৩১৯ ৰান সংগ্ৰহ কৰিবলগীয়া হৈছিল যদিও ফ’ল’ অন এৰাই চলিব নোৱাৰিলে। এতিয়া ভাৰতে এই ফ’ল’-অন বলবৎ কৰাৰ সিদ্ধান্ত লৈছে।

দেওবাৰে পুৱা ৱেষ্ট ইণ্ডিজে চাৰি উইকেটত ১৪০ ৰানত পুনৰ খেল আৰম্ভ কৰে। আৰম্ভণিতে ৱেষ্ট ইণ্ডিজে পঞ্চমটো আঘাতৰ সন্মুখীন হৈছিল। কুলদীপ যাদৱে ক্লিন বোল্ড কৰি শই হোপক পেভেলিয়নলৈ পঠিয়ায়। হোপে ৫৭ বলত ৩৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ পাছত কুলদীপে আৰু দুটা উইকেট দখল কৰে। প্ৰথমে টেভিন ইমলাচ দলৰ ১৬৩ ৰানত এল বি ডব্লিউ আউট কৰে। তাৰ পাছত জাষ্টিন গ্ৰীভছক ১৭৪ ৰানত আউট কৰে। টেভিনে ২১ আৰু জাষ্টিনে ১৭ ৰান কৰে। ৱেষ্ট ইণ্ডিজে ১৭৫ ৰানত অষ্টমটো উইকেট হেৰুৱাই। মহম্মদ চিৰাজে জোমেল ৱাৰিকনক ক্লিন বোল্ড কৰে। তেওঁ মাত্ৰ এটা ৰান সংগ্ৰহ কৰিছিল।

দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ ঠিক পিছতেই জাছপ্ৰিত বুমৰাহে খাৰী পিয়েৰক আউট কৰি আলহী দলটোক নৱমটো উইকেট পতন ঘটায়। পিয়েৰে ২৩ ৰান সংগ্ৰহ কৰিছিল। কুলদীপ যাদৱে জেডেন ছিলছক আউট কৰি ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ ২৪৮ ৰানত অন্ত পেলায়। এই উইকেটৰ জৰিয়তে কুলদীপেও নিজৰ ৫ উইকেট দখল কৰা সম্পূৰ্ণ কৰে।

ভাৰতৰ ৫ উইকেটত ৫১৮ ৰান কৰি প্ৰথম ইনিংছ ঘোষণা

ভাৰতীয় দলটোৱে ৫ উইকেটত ৫১৮ ৰান কৰি প্ৰথম ইনিংছ ঘোষণা কৰে। অধিনায়ক শুভমন গিলে অপৰাজিত ১২৯ ৰান সংগ্ৰহ কৰি টেষ্টত দশম শতক অৰ্জন কৰে। যশস্বী জয়ছোৱালে ১৭৫ ৰানৰ উৎকৃষ্ট ইনিংছ খেলিছিল। জয়ছোৱাল আৰু গিলৰ উপৰিও ছাই সুদৰ্শনে ৮৭ ৰান, ধ্ৰুৱ জুৰেলে ৪৪ ৰান, নীতিশ কুমাৰ ৰেড্ডীয়ে ৪৩ ৰান, আৰু কে এল ৰাহুলে ৩৮ ৰান সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ প্ৰথম ইনিংছত জোমেল ৱাৰিকনে তিনিটা আৰু ৰষ্টন চেজে এটা উইকেট দখল কৰে।

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা দুখন মেচৰ টেষ্ট শৃংখলাৰ এইখন দ্বিতীয়খন মেচ। প্ৰথমখন মেচত জয়লাভ কৰি ১-০ ব্যৱধানত আগবাঢ়ি আছে ভাৰতীয় দলটোৱে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

শ্বেন এবটে এছেছৰ প্ৰথম মেচত বাহিৰ, জোছ হেজলউড ফিট বুলি ঘোষণা
শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গ্ৰুপ মেচ খেলিব নোৱাৰিব আঘাতপ্ৰাপ্ত হাৰ্দিক পাণ্ডিয়া
লিভাৰপুলৰ ফুটবলাৰ ডিঅ’গো জোটাৰ ২৮ বছৰ বয়সত পথ দুৰ্ঘটনাত মৃত্যু
লা লিগা ২০২৫-২৬: চেভিলাৰ বাৰ্চিলোনাক ৪-১ গ’লত পৰাজিত
এডগবাষ্টন টেষ্টৰ পূৰ্বে ৱ’কেছে কয় – বলাৰসকলৰ বাবে হ’ব পাৰে আন এক কঠিন সপ্তাহ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অসম সাহিত্য সভাৰ অধিৱেশনত 'বৰাক বৈভৱ' শীর্ষক স্মৃতিগ্রন্থ উন্মোচন
Next Article শ্বাহৰুখ খানৰ পৰা কৃতি ছাননলৈকে ফিল্মফেয়াৰ ২০২৫ত দেখা গৈছিল তাৰকা অভিনেতা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?