নতুন দিল্লী, ১০ অক্টোবৰ (হি.স.)। একেৰাহে তৃতীয় সপ্তাহৰ বাবে হ্ৰাস পাইছে বৈদেশিক মুদ্ৰাৰ মজুত। ৩ অক্টোবৰত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ মুঠ বৈদেশিক মুদ্ৰাৰ মজুত ২.৩৩ বিলিয়ন ডলাৰ হ্ৰাস পাই ৭০০.২৪ বিলিয়ন ডলাৰ হৈছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে তথ্য প্ৰকাশ কৰি কয় যে বৈদেশিক মুদ্ৰাৰ মজুতৰ মূল উপাদান হিচাপে বিবেচিত বৈদেশিক মুদ্ৰাৰ সম্পত্তি ৩ অক্টোবৰত সমাপ্ত হোৱা সপ্তাহত ৪.০৫ বিলিয়ন ডলাৰ হ্ৰাস পাই ৫৭৭.৭১ বিলিয়ন ডলাৰ হৈছে। এই সময়ছোৱাত দেশৰ সোণৰ মজুত ৩.৭৫ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৯৮.৭৭ বিলিয়ন ডলাৰ হৈছে।
আৰ বি আইৰ তথ্য অনুসৰি বিশেষ আহৰণ অধিকাৰ (এছ ডি আৰ) ২৫ মিলিয়ন ডলাৰ বৃদ্ধি পাই ১৮.৮১ বিলিয়ন ডলাৰ হৈছে। তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সৈতে ভাৰতৰ মজুত যোৱা সপ্তাহত ৪০ লাখ ডলাৰ হ্ৰাস পাই ৪.৬৬ বিলিয়ন ডলাৰ হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
