– ছাব জুনিয়ৰ শাখাত ভূপালৰ জয়, জগতপুৰতো ভাল প্ৰদৰ্শন
অলেপ্পী (কেৰালা), ১০ অক্টোবৰ (হি.স.)। আয়োজক নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্স (এনচিঅ’ই) অলেপ্পীয়ে দশম সৰ্বভাৰতীয় আন্তঃছাই কয়াকিং আৰু কেন’ইং চেম্পিয়নশ্বিপত সামগ্ৰিক চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰে। চাৰিদিনীয়া প্ৰতিযোগিতাখনৰ বৃহস্পতিবাৰে সামৰণি পৰে ।
নাওঁ চালনৰ পিছত কয়াকিং আৰু কেনুইঙৰ দৰে জল ক্ৰীড়াই ক্ৰমাগতভাৱে জনপ্ৰিয়তা লাভ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জল ক্ৰীড়া অনুৰাগী যুৱক-যুৱতীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে এই অল ইণ্ডিয়া ছাই অনুষ্ঠানত। এই প্ৰতিযোগিতাত সমগ্ৰ দেশৰ ৮টা কেন্দ্ৰৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। শেহতীয়াকৈ শ্ৰীনগৰৰ ডাল হ্ৰদত ২১ আগষ্টৰ পৰা ২৩ আগষ্টলৈ অনুষ্ঠিত হোৱা প্ৰথমখন খেলো ইণ্ডিয়া জল ক্ৰীড়া মহোৎসৱে জল ক্ৰীড়াক নতুন গতি প্ৰদান কৰিছে।
এই প্ৰতিযোগিতাত ৯২ গৰাকী মহিলাকে ধৰি ১৯৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। মুঠ ৯৬টা পদক প্ৰতিযোগিতা অনুষ্ঠিত হয়। এনচিঅ’ই অলেপ্পে, এনচিঅ’ই ভূপাল (মধ্য প্ৰদেশ), আৰু এনচিঅ’ই জগতপুৰ (ওড়িশা) শীৰ্ষ তিনিটা প্ৰদৰ্শনকাৰী কেন্দ্ৰ আছিল। জম্মু-কাশ্মীৰ, প’ৰ্ট ব্লেয়াৰ, বিলাসপুৰ (হিমাচল প্ৰদেশ), আৰ্মি বয়ছ স্প’ৰ্টছ কোম্পানী (ৰূৰকী), আৰু এবিএছচি ইএমইৰ দলসমূহেও অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বৈষ্ণৱী আৰ, অক্ষয় বি আৰু যোগিতা ভাৰ্মাই অংশগ্ৰহণ কৰে।
জম্মু-কাশ্মীৰ দলটোৱে ছিনিয়ৰ শাখাত চতুৰ্থ স্থান দখল কৰে। ইউনিয়ন টেৰিটৰীৰ দলটোৱে মুঠ ৮টা পদক লাভ কৰে, য’ত দুটা সোণ, দুটা ৰূপ, আৰু চাৰিটা ব্ৰঞ্জৰ পদক। দুয়োটা সোণৰ পদক ছিনিয়ৰ পুৰুষৰ শাখাত আহিছিল, য’ত মহম্মদ হুছেইন আৰু ছাজ্জাদ হুছেইনে ২০০ মিটাৰ আৰু ৫০০ মিটাৰ কেন’ ডাবলছত স্বৰ্ণ পদক লাভ কৰিছিল। এই দুয়োগৰাকী খেলুৱৈয়ে শ্ৰীনগৰত অনুষ্ঠিত খেলো ইণ্ডিয়া জল ক্ৰীড়া মহোৎসৱতো একাধিক পদক লাভ কৰিছে।
এনচিঅ’ই আলাপ্পুজাই ছিনিয়ৰ আৰু জুনিয়ৰ দুয়োটা শাখাতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ক্ৰমে ২৪ আৰু ১৫টা স্বৰ্ণ পদক লাভ কৰি শীৰ্ষস্থান দখল কৰে। এন চি অ’ ই ভোপালে ছিনিয়ৰ শাখাত ১১টা স্বৰ্ণ পদকেৰে দ্বিতীয় স্থান দখল কৰাৰ লগতে ছাব জুনিয়ৰ শাখাত ৭টা স্বৰ্ণ পদকেৰে শীৰ্ষস্থান দখল কৰে। এনচিঅ’ই জগতপুৰে তিনিওটা শাখাতে শীৰ্ষ তিনিটাত স্থান লাভ কৰে – ছিনিয়ৰ, জুনিয়ৰ, আৰু চাব জুনিয়ৰ।
উল্লেখযোগ্য যে খেলো ইণ্ডিয়া জল ক্ৰীড়া মহোৎসৱত মধ্যপ্ৰদেশ, ওড়িশা, আৰু কেৰালা শীৰ্ষ তিনিখন ৰাজ্য আছিল। এইখন আছিল মুকলি বয়সৰ প্ৰতিযোগিতা, য’ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ জল ক্ৰীড়া খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
