ডিব্ৰুগড়, ১০ অক্টোবৰ (হি.স.): ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ ৰাজ্যিক বিষয়ববীয়া, ক’ৰ কমিটিৰ সভা অনুষ্ঠিত হয়। যোৱা কালি দিনযোৰাকৈ অনুষ্ঠিত এই বৈঠকত ২০২৬ৰ নিৰ্বাচনী ভিন্ন দিশসমূহ আলোচনা কৰা হয়। কেনেকৈ নিৰ্বাচনী ৰণনীতি সূচনা কৰিব তাৰ বাবে মুখ্য কৰ্মী সৈতে আলোচনা কৰা হয়।
দলৰ বিভিন্ন পৰ্যায়ৰ কৰ্মীৰ বিভিন্ন কমিটি গঠন, অধিৱেশন ইত্যাদিৰো সিদ্ধান্ত লোৱা হয়। জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ গতি নেঅ’ৰ পৰ্যায়লৈ যাতে যাব পাৰে তাৰ বাবে চৰকাৰক নিজৰ দ্বায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায়। প্ৰধানমন্ত্ৰী, জে পি নাদ্দা, নিৰ্মলা সীতাৰমণ, অমিত শ্বাহৰ আগন্তুক অসম ভ্ৰমণৰ কেইবাটাও কাৰ্যসূচীৰ বিষয়েও আলোচনা কৰা হয়।
ইফালে ৰাজেন গোঁহাইয়ে বিজেপি ত্যাগ কৰা দিশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আগন্তুক নতুন ৰাজনৈতিক জীৱনৰ শুভকামনা জনায়। তেওঁ কয় যে ৰাজেন গোঁহাইয়ে বিজেপি হৈ বহুত কাম কৰিছে। তেওঁ এজন গুৰি ধৰোঁতা আছিল।তেওঁ নাই যদিওঁ তেওঁ পুত্ৰ আজিও আমাৰ লগত আছে। তেওঁ যি ৰাজনীতি ক্ষেত্ৰখনলৈ যায় তাতেই তেওঁ ভাল কাম কৰিব বুলি মই শুভেচ্ছা জনালোঁ।
ইফালে এনডিএত ইউপিপিএল থকা নথকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে বিজেপিয়ে বিপিএফৰ লগত যি আলাপ-আলোচনা কৰিব লাগে কৰি আছে। তেখেতসকলে কৈছে তেওঁলোক এনডিএত আহিব বিচাৰে, কিন্তু ইউপিপিএল থাকিব নালাগে। এই সিদ্ধান্ত বিলাক সময়ত ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
