গুৱাহাটী, ১০ অক্টোবৰ (হি.স.)। প্ৰখ্যাত কণ্ঠশিল্পী অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰটোত এক বৃহৎ পদক্ষেপত তদন্তকাৰী সংস্থা চি আই ডিয়ে কণ্ঠশিল্পীগৰাকীৰ দুই ব্যক্তিগত নিৰাপত্তা বিষয়া (পি এছ অ’) – নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ কৰিছে।
সূত্ৰ অনুসৰি চতুৰ্থ দিনৰ সোধা-পোছাৰ অন্তত আজি দুয়োকে জিম্মাত লোৱা হয়। ইয়াৰ পূৰ্বে দুয়োৰে বেংক একাউণ্টত সন্দেহজনক আৰ্থিক লেনদেন উদ্ধাৰ হোৱাৰ বাবে সেৱাৰ পৰা নিলম্বন কৰা হৈছিল।
আৰক্ষীয়ে জনোৱা মতে, দুয়োজন অভিযুক্তক অতি সোনকালে আদালতত হাজিৰ কৰা হ’ব। ইফালে ধনৰ লেনদেনৰ উৎস আৰু প্ৰকৃতিৰ তদন্ত অব্যাহত আছে।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসী ৰাইজে শিল্পীগৰাকীৰ মৃত্য়ুৰ ৰহস্য় উদঘাটনৰ লগতে এই ক্ষেত্ৰত দোষী লোকসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই আহিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
